কেন্দ্ৰীয় চৰকাৰে প্ৰতিশ্ৰুতি পালন নকৰাত কৃষক-শ্ৰমিকৰ বিশ্বাসঘাতকতা দিৱস পালন

কেন্দ্ৰীয় চৰকাৰে প্ৰতিশ্ৰুতি পালন নকৰাত কৃষক-শ্ৰমিকৰ বিশ্বাসঘাতকতা দিৱস পালন

ৰঙিলী বাৰ্ত্তাসেৱা- এবছৰতকৈয়ো অধিক কাল দিল্লীৰ প্ৰৱেশ পথত আন্দোলন কৰাৰ পাছত কেন্দ্ৰীয় চৰকাৰে কৃষক বিৰোধী কৃষি আইন তিনিখন সংসদত বাতিল কৰিবলৈ বাধ্য হৈছিল । আন্দোলন প্ৰ্ত্যাহাৰৰ স্বৰ্ত হিচাপে থকা আন কেবাটাও কৃষকৰ স্বাৰ্থ জড়িত দাবীও কেন্দ্ৰীয় চৰকাৰে সমাধান কৰিব বুলি লিখিত প্ৰতিশ্ৰুতি দি এতিয়া পিছ হোহোকিছে । স্বামী নাথন আয়োগৰ পৰামৰ্শ চি২+৫০% সূত্ৰ অনুযায়ী ফচলৰ লাভজনক মূল্যৰ বাবে আইনী নিশ্চয়তা প্ৰদান, বিদ্যুৎ (সংশোধনী) বিধেয়ক প্ৰত্যাহাৰ, কৃষক আন্দোলনৰ ৭১৫ গৰাকী শ্বহীদৰ পৰিয়ালক আৰ্থিক ক্ষতিপূৰণ, দিল্লীৰ সিংঘু সীমান্তত কৃষক শ্বহীদ স্মাৰক নিৰ্মাণৰ বাবে ভূমি প্ৰদান, উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত কৃষক হত্যাৰ লগত জড়িত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰ টেনীক মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত আৰু দোষীক কঠোৰ শাস্তি, কৃষকৰ ওপৰত জাপি দিয়া ভূৱা গোচৰ প্ৰত্যাহাৰ আদি দাবী পূৰণ কৰিব বুলি কেন্দ্ৰীয় চৰকাৰে লিখিত প্ৰতিশ্ৰুতি দিছিল যদিও আন্দোলন স্থগিত ৰখাৰ পাছত এতিয়া কেন্দ্ৰীয় চৰকাৰে মুৰ পোলোকা মাৰিছে । কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰতাৰণাৰ বিৰুদ্ধে সংযুক্ত কিষাণ মৰ্চাই আজি দেশজোৰা ‘বিশ্বাসঘাটকতা দিৱস’ পালনৰ আহবান জনাইছিল । সংযুক্ত কিষাণ মৰ্চা, অসমৰ আহবানত আজি সমগ্ৰ অসমতে প্ৰায় সকলো জিলাতে বিশ্বাসঘাতকতা দিৱস বিক্ষোভ, সমাৱেশ, ধৰ্ণা , শোভাযাত্ৰা আদিৰ মাজেৰে পালন কৰা হয়৷গুৱাহাটীতো গুৱাহাটী ক্লাব ৰটাৰীৰ কাষত সংযুক্ত কিষাণ মৰ্চা-অসম , ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেছন সমূহৰ যৌথ মঞ্চৰ যৌথ আহবানত বিশ্বাসঘাতকতা দিৱস বিক্ষোভ প্ৰদৰ্শনৰ জৰিয়তে পালন কৰা হয় । সংযুক্ত কিষাণ মৰ্চাৰ মুখ্য আহবায়ক টিকেন দাস, আহবায়ক জয়ন্ত গগৈ, শ্ৰমিক নেতা ৰমেন দাস আৰু বীৰেণ শৰ্মাই বিক্ষোভস্থলীত আয়োজিত চমু সভাত কৃষকৰ লগত কৰা বিশ্বাসঘাতকতাক গৰিহণা দিয়ে আৰু প্ৰতিশ্ৰুতি পালন কৰি কৃষক আন্দোলনৰ দাবীসমূহ মানি লবলৈ দাবী জনায়, অন্যাথা তীব্ৰতৰ আন্দোলনৰ সন্মূখীন হ’ব লাগিব বুলি সকীয়াই দিয়ে । বিক্ষোভত গণতান্ত্ৰিক আন্দোলনৰ নেতা সুপ্ৰকাশ আতলুকদাৰ, নাগৰিক অধিকাৰ মঞ্চৰ আহবায়ক শংকৰ শইকীয়া, বিশিষ্ট শ্ৰমিক নেতা শতঞ্জীৱ দাস, বীৰেণ কলিতা, কৃষক নেতা গজেন বৰ্মন,  ছাত্ৰ ফেডাৰেছনৰ নেতা নিৰংকুশ নাথ, সংগীতা দাস, প্ৰতুল বৰ্মন,  যুৱ ফেডাৰেছনৰ  নেতা নয়ন ভুঞা, ৰিতুৰঞ্জন দাস, গণতান্ত্ৰিক মহিলা সমিতিৰ সীমা বিশ্বাসকে ধৰি শতাধিক কৃষক, শ্ৰমিক, মহিলা, যুৱ,ছাত্ৰই অংশগ্ৰহণ কৰে ।