কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে যোৱাকালি সৰ্বানন্দ সোণোৱালে প্ৰথমবাৰৰ বাবে মিলিত হয় দুখন বৈঠকত

Pc-twitter

অনলাইন বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে বন্দৰ, জাহাজ, জলপথ আৰু আয়ুস দপ্তৰৰ কেবিনেট মন্ত্ৰীৰ দায়িত্ব লাভৰ পাছত বৃহস্পতিবাৰে সৰ্বানন্দ সোণোৱাল মিলিত হয় দুখন বৈঠক।বৃহস্পতিবাৰে বিয়লি সোণোৱালে প্ৰথমে বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ উচ্চপদস্থ বিষয়াৰ লগত বৈঠকত মিলিত হয়।ইয়াৰ পাছতে সন্ধিয়াৰ সময়চোৱাত আয়ুস মন্ত্ৰনায়লৰ উচ্চপদস্থ বিষয়াৰ সৈতে মিলিত হয় বৈঠকত।এই বৈঠকৰ জৰিয়তে দপ্তৰ কেইটাৰ কামৰ সবিশেষ বুজ লয় নতুনকৈ দায়িত্ব লাভ কৰা সৰ্বানন্দ সোণোৱালে।