কেন্দ্ৰীয় চৰকাৰৰ মণিপুৰত বিভিন্ন উন্নয়নমূলক প্রকল্প মুকলি

P.c.- The Economic Times

কেন্দ্ৰীয় চৰকাৰৰ মণিপুৰত বিভিন্ন উন্নয়নমূলক প্রকল্প মুকলি

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় চৰকাৰে মণিপুৰত বিভিন্ন উন্নয়নমূলক প্রকল্প মুকলিৰ কাম আৰম্ভ কৰিছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে উত্তৰ-পূবৰ ৰাজ্যখনত ২৯টা উন্নয়নমূলক প্রকল্পৰ আধাৰশিলা স্থাপন কৰে।  ভিডিঅ’ কনফাৰেঞ্চযোগে ২,৪৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া এই প্রকল্পসমূহৰ আধাৰশিলা  স্থাপন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মণিপুৰত বিগত ৫টা বছৰত এদিনৰ বাবেও অৱৰোধ বা বন্ধ নহ’ল। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে বৃহৎ সাফল্যৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা বুলিও মন্তব্য কৰে গৃহমন্ত্ৰীগৰাকীয়ে।