কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সােণােৱালে নাবিকসকলৰ বাবে দূৰৱৰ্তী দক্ষতা পৰীক্ষাৰ শুভাৰম্ভ কৰে

কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সােণােৱালে নাবিকসকলৰ বাবে দূৰৱৰ্তী দক্ষতা পৰীক্ষাৰ শুভাৰম্ভ কৰে

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা কেন্দ্রীয় আয়ুষ মন্ত্রী সর্বানন্দ সােণােৱালে কয় যে, কেন্দ্রীয় চৰকাৰে ভাৰতীয় নাবিকসকলৰ মানদণ্ড উন্নত কৰিবলৈ আৰু তেওঁলােকৰ জীৱন আৰামদায়ক কৰি তুলিবলৈ অহৰহ্ চেষ্টা চলাই আছে। নতুন দিল্লীত “নাবিক জীৱন”ৰ মুকলি আৰু ভিচি মুডৰ জৰিয়তে অনলাইন দক্ষতা আধাৰিত পৰীক্ষাৰ শুভাৰম্ভণি অনুষ্ঠানত ভাষণ প্রদান কৰি তেওঁ ভাৰতীয় নাবিকসকলক আমাৰ ৰাষ্ট্রদূত হিচাপে অভিহিত কৰে আৰু জাহাজ তথা বন্দৰ নাবিক প্রশিক্ষণৰ বিকাশৰ বাবে কাম কৰাৰ আশ্বাস দিয়ে। সামুদ্রিক খণ্ডত ভাৰতে বিশ্বনেতা হিচাপে আত্মপ্রকাশ কৰিছে বুলি তেওঁ উল্লেখ কৰে।প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে ২০২১ চনৰ মাৰ্চ মাহত আৰম্ভ কৰা মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০ৰ কথা সােণােৱালে উল্লেখ কৰে আৰু কয়, “ভাৰত হৈছে সর্ববৃহৎ নাবিক যােগান ধৰা ৰাষ্ট্রসমূহৰ ভিতৰত অন্যতম আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত আমাৰ নাবিকসকলৰ যথেষ্ট চাহিদা আছে।” তেওঁ লগতে কয়, “নাবিক জীৱন’- ভাৰতীয় নাবিক আৰু প্রি-ছী(Pre-sea) শিক্ষার্থীসকলৰ জীৱনৰ ওপৰত কৰা এক সমীক্ষা আৰু ই হৈছে ভাৰতীয় নাবিক আৰু তেওঁলােকৰ সমস্যাবােৰ অনুধাৱন কৰাৰ এক আন্তৰিক প্রয়াস।” তেওঁ আশা ব্যক্ত কৰে যে, অংশীদাৰ সকলে এই সমস্যাবােৰ সমাধান কৰাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, জাহাজ পৰিবহণ সঞ্চালকালয়ে তিনিটা স্তৰৰ প্রণালী প্রৱর্তনকে ধৰি সক্রিয় আৰু অভিনৱ পদক্ষেপ গ্রহণ কৰিছে যাৰ ভিতৰত আছে ই-লার্ণিং, ভাচুৱেল শ্ৰেণী, অন-লাইন ভিডিঅ’ অনুষ্ঠান, অন-লাইন প্রস্থান পৰীক্ষা আৰু ডিজিটেল পাঠ্যক্রম সম্পূর্ণ কৰাৰ প্রমাণপত্র প্রৱর্তন।এতিয়া সেই প্রচেষ্টাৰ ধাৰাবাহিকতাত দক্ষতা পৰীক্ষাৰ অনলাইন প্রমাণপত্র মুকলি কৰি, ইয়াৰ প্রথম ডিজিটেল ৰিম’ট প্রক্টৰিং প্রণালীৰ জৰিয়তে নাবিকসকলৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এক অগ্রণী পদক্ষেপ লােৱা হৈছে। তেওঁ কয়, “আমি ভাৰতীয় জাহাজ আৰু নাবিকসকলৰ বিকাশৰ ক্ষেত্ৰত এক নতুন পথ নির্দিষ্ট কৰিছোঁ। ভাৰত কাৰ্যকৰী, দক্ষ, দায়িত্বশীল আৰু প্রগতিশীল সামুদ্রিক ৰাষ্ট্র হিচাপে বিশ্বব্যাপী স্বীকৃত হােৱাৰ আমাৰ দৃষ্টিভংগীৰ সৈতে এই প্রচেষ্টা সামঞ্জস্যপূর্ণ।