কেতিয়া সমাধান হব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীৰ সমস্যা ?- দেবর্ষি গৌতম

Pc AssamTimes Post

কেতিয়া সমাধান হব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীৰ সমস্যা ?

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান বৰ্তমান সময়ত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ হৃদপিণ্ড স্বৰূপ। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানক বাদ দি বৰ্তমান সময়ত চৰকাৰ অথবা স্বাস্থ্য বিভাগে কোনো কাৰণতে অসমৰ স্বাস্থ্য খণ্ডক আগবঢ়াই লৈ যোৱাৰ কথা ভাবিব নোৱাৰে। সমগ্ৰ ৰাজ্যত যেতিয়া কৰোনা মহামাৰীয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছিল তেতিয়া এই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অস্থায়ী কৰ্মচাৰী সকলে দিন ৰাতি একাকাৰ কৰি নিজৰ কৰ্ম সম্পাদন কৰি ৰাইজক সেৱা আগবঢ়াইছিল। স্বাস্থ্য বিভাগত কৰ্মৰত প্ৰায় প্ৰতিগৰাকী কৰ্মচাৰীয়ে সেৱাৰ মনোভাবাৰে নিজৰ কৰ্ম সম্পাদন কৰে।ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত কৰ্মৰত প্ৰতিগৰাকী কৰ্মচাৰী অস্থায়ী কৰ্মচাৰী আৰু বিভিন্ন পদত নিয়োজিত হৈ থকা এই কৰ্মচাৰীৰ সংখ্যা প্ৰায় ২৪ হাজাৰ হব। প্ৰায় সময়তে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানত কৰ্মৰত অস্থায়ী কৰ্মচাৰী সকলে তেওঁলোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰা দেখা যায়। সমগ্ৰ বিশ্ব অচল কৰি দিয়া কৰোনা মহামাৰীৰ ভয়াবহতাক নেওচি যেতিয়া সকলো স্বাস্থ্য কৰ্মীয়ে ৰাইজৰ সেৱা আগবঢ়াইছিল তাৰ পিছত অসম চৰকাৰ আৰু স্বাস্থ্য বিভাগে কৰ্মচাৰী সকলক সন্মান জনাইছিল। উপহাৰ আৰু ফুলৰ থোপা প্ৰদান কৰি কৰ্মচাৰী সকলক সন্মান প্ৰদান কৰা হৈছিল। কিন্তু ঠিক সেই একে সময়তে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অস্থায়ী কৰ্মচাৰী সকলৰ মুখে মুখে এটা শ্লোগান সততে শুনিবলৈ পোৱা গৈছিল “গামোচা আৰু ফুলৰ থোপাৰে প্ৰদান কৰা সন্মানৰ দ্বাৰা আমাৰ পেট নভৰে।” প্ৰকৃতাৰ্থত লক্ষ্য কৰিলে দেখা যায় যে অসম চৰকাৰৰ স্থায়ী কৰ্মচাৰী সকলৰ তুলনাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অস্থায়ী কৰ্মচাৰী সকলৰ দৰমহা যথেষ্ট কম। একেটা স্থানত, একে সময়ত, একে সমান কাম কৰি থকা দুগৰাকী কৰ্মচাৰীৰ দৰমহাৰ পাৰ্থক্য যদি আকাশ পাতলৰ নিচিনা হয় তেনে স্থলত কৰ্মচাৰীৰ মনোবল হ্ৰাস হোৱাটো স্বাভাৱিক। লক্ষণীয় ভাবে চৰকাৰী স্থায়ী কৰ্মচাৰী সকলৰ তুলনাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অস্থায়ী কৰ্মচাৰী সকলৰ সা-সুবিধাও তেনেই নগণ্য। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অনুন্নত আৰু অতি দুৰ্বল আন্তঃগাঁথনিৰ চিকিৎসা প্ৰতিষ্ঠানত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মী সকলে যোৰা টাপলি মাৰি নিজ কৰ্ম সম্পাদনৰ জৰিয়তে সাধাৰণ ৰাইজৰ সেৱা আগবঢ়াই আহিছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰী সকলক বাদ দি বৰ্তমান সময়ত অসমৰ স্বাস্থ্য খণ্ডৰ কি অৱস্থা হব সেয়া কল্পনাৰো অগোচৰ। ইমান গুৰুত্বপূৰ্ণ কামত নিয়োজিত হৈ থকাৰ পিছতো চৰকাৰ আৰু স্বাস্থ্য বিভাগে বাৰে বাৰে এই কৰ্মচাৰী সকলক বঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। অসমৰ স্বাস্থ্য খণ্ডত বৰ্তমান যি আমূল পৰিবৰ্তন আহিছে সেয়া কেৱল ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু এই অভিযানৰ অধীনত অস্থায়ী ভাবে কৰ্মৰত কৰ্মচাৰী সকলৰ ভূমিকাৰ বাবে সম্ভৱ হৈছে আৰু এই ভূমিকা সদায় চিৰস্মৰণীয়। নিজৰ ঘৰ আৰু পৰিয়ালৰ পৰা বহু দূৰত থাকি এই কৰ্মচাৰী সকলে ৰাইজৰ সেৱা আগবঢ়াই আছে। গতিকে এই কৰ্মচাৰী সকলৰ দুখ দুৰ্দশাৰ কথা চৰকাৰ আৰু স্বাস্থ্য বিভাগে হৃদয়ংগম কৰাটো অতিকৈ জৰুৰী। চৰকাৰ আৰু স্বাস্থ্য বিভাগে অসমৰ স্বাস্থ্য খণ্ডক যি এক নতুন গতি প্ৰদান কৰাৰ কথা পৰিকল্পনা কৰি আছে তাতো কিন্তু এইসকল কৰ্মচাৰীৰ ভূমিকা অবিহনে চৰকাৰে কেতিয়াও সফল হব নোৱাৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত কৰ্মৰত অস্থায়ী কৰ্মচাৰী সকলে বিভাগৰ স্থায়ী পদসমূহত জ্যেষ্ঠতাৰ ভিত্তিত পর্যায়ক্ৰমে নিযুক্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰি আহিছে। পূৰ্বৰ স্বাস্থ্য মন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সময়ে সময়ে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানত কৰ্মৰত কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া কৰা হব বুলি আশ্বাস প্ৰদান কৰি আহিছে যদিও আজিকোপতি কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানত কৰ্মৰত কৰ্মচাৰী সকলে বিভিন্ন সময়ত উচ্চপদস্থ বিষয়া সকলৰ পৰা নানান ধৰণে অপমানিত হোৱাৰ অভিযোগ সৰ্বজনবিদিত। যেতিয়া এগৰাকী কৰ্মচাৰীয়ে নিজৰ কৰ্মৰ মৰ্য্যদা লাভ নকৰে তেতিয়া তেনে কৰ্মচাৰী সকলৰ কৰ্ম স্পৃহা হ্ৰাস হোৱাটো স্বাভাৱিক। যেতিয়া যিকোনো এটা জীৱৰ হৃদপিণ্ড লাহে লাহে বিকল হোৱাৰ উপক্ৰম হয় তেতিয়া সেই জীৱটোৰ জীয়াই থকাৰ নিশ্চয়তা ক্ৰমান্বয়ে কমি আহে। ঠিক একেদৰে যদি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানত কৰ্মৰত কৰ্মচাৰীসকলে যদি সকলো সময়ত নিজৰ চাকৰিৰ শংকাত ভুগি কৰ্ম সম্পাদন কৰিব লগীয়া হয় তেনে স্থলত সেই কৰ্মচাৰী সকলে সম্পূৰ্ণ মানোযোগেৰে কৰ্ম সম্পাদন কৰাটো কঠিন হৈ পৰে। স্বাস্থ্য বিভাগে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানত কৰ্মৰত কৰ্মচাৰীসকলৰ যিসকলে ইতিমধ্যে দহ বছৰ সম্পূৰ্ণ কৰিছে তেনে কৰ্মচাৰী সকলৰ বাবে সামান্য সুবিধা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে যদিও সেইয়া কিন্তু পৰ্যাপ্ত নহয়। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানত কৰ্মৰত কৰ্মচাৰীসকলক স্বাস্থ্য বিভাগত খালি হৈ থকা পদসমূহত জেষ্ঠতাৰ ভিত্তিত নিযুক্তি প্ৰদান কৰাৰ উপৰিও যিসকল কৰ্মচাৰী ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানত কৰ্মৰত হৈ থাকিব সেইসকল কৰ্মচাৰীক যাতে নিয়মীয়া কৰ্মচাৰী সকলৰ সমহাৰত দৰমহা প্ৰদান কৰে, নিয়মীয়া কৰ্মচাৰী সকলৰ সমপৰ্য্যায়ৰ সা-সুবিধা প্ৰদান কৰে আৰু নিয়মীয়া কৰ্মচাৰী সকলৰ দৰে চাকৰিৰ নিশ্চয়তা প্ৰদান কৰে তাৰ বাবে সদায়ে দাবী উত্থাপন কৰি আহিছে। প্ৰতিটো মুহূৰ্ততে জনহিতাৰ্থে কাম কৰিবলৈ প্ৰস্তুত থকা ৰাজ্য চৰকাৰৰ এটা অতি সংবেদনশীল বিভাগৰ কৰ্মচাৰী সকলৰ এনে অসন্তুষ্টি আৰু দুৰ্দশা অতিকৈ দুৰ্ভাগ্যজনক। চৰকাৰ আৰু স্বাস্থ্য বিভাগে এনেধৰণৰ সমস্যা সমূহ সমাধান নকৰিলে প্ৰকৃত অৰ্থত স্বাস্থ্য বিভাগৰ যি আমূল পৰিবৰ্তন কৰাৰ কথা কৈ থকা হৈছে সেই লক্ষ্যত উপনীত হোৱাটো সহজসাধ্য নহব। যিহেতু প্ৰতিটো চৰকাৰী বিভাগৰ সফলতা আৰু বিফলতাৰ মাফকাঠি নিৰ্ধাৰণ কৰে সেই বিভাগত কৰ্মৰত কৰ্মচাৰী সকলে গতিকে স্বাস্থ্য বিভাগৰ সফলতাৰ ক্ষেত্ৰতো কিন্তু এই কৰ্মচাৰী সকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। স্বাস্থ্য বিভাগে যদি এই গুৰুত্বপূৰ্ণ কৰ্মচাৰী সকলৰ দুখ দুৰ্দশাৰ প্ৰতি সদায় আওকাণ কৰি থাকে তেনেহলে বিভাগীয় বিষয়া সকলে যিমানে স্বাস্থ্য বিভাগৰ সফলতাৰ ঢাক ঢোল নবজাওক লাগিলে সেয়া কিন্তু কেতিয়াও সম্ভৱ হৈ নুঠিব। সেই সফলতাৰ শ্লোগান কেৱল কাগজ আৰু কলমৰ মাজতে আবদ্ধ হৈ থাকিব।

                       দেবর্ষি গৌতম
                       বনগাঁও