কেইবছৰমানৰ ভিতৰতে কোভিড-১৯ শিশুৰ আন সাধাৰণ শীতকালীন ৰোগৰ দৰে হৈ পৰাৰ সম্ভাৱনাঃ গৱেষক ওট্টাৰ জোৰ্ণষ্টেণ্ড

pc Time Magazine

কেইবছৰমানৰ ভিতৰতে কোভিড-১৯ শিশুৰ আন সাধাৰণ শীতকালীন ৰোগৰ দৰে হৈ পৰাৰ সম্ভাৱনাঃ গৱেষক ওট্টাৰ জোৰ্ণষ্টেণ্ড

অনলাইন বাৰ্ত্তাসেৱা – পেনছিলভেনিয়া বিশ্ববিদ্যালয়ৰ গৱেষক ওট্টাৰ জোৰ্ণষ্টেণ্ডে ব্যক্ত কৰা মতে, কেইবছৰমানৰ ভিতৰতে কোভিড-১৯ শিশুৰ আন সাধাৰণ শীতকালীন ৰোগৰ দৰে হৈ পৰাৰ সম্ভাৱনা আছে। প্ৰতিৰোধ ক্ষমতা নথকা শিশুসকল কোভিড-১৯ৰ দ্বাৰা সংক্রমিত হ’ব পাৰে বুলি গৱেষণাত প্ৰকাশ কৰা হৈছে। পূৰ্বে হোৱা কিছুমান মহামাৰীৰ ওপৰত অধ্যয়ন চলোৱাৰ পাছত এই সিদ্ধান্তত উপনীত হৈছে গৱেষকগৰাকী। উদাহৰণ স্বৰূপে, ১৮৮৯-৯০ৰ মহামাৰীত ৰাছিয়ান ফ্রুত সংক্রমিত হৈ এক নিযুত লোকৰ মৃত্যু ঘটিছিল। কিন্তু পাছলৈ এই মহামাৰীৰ কাৰণ হৈ পৰা ভাইৰাছৰ দ্বাৰা ৭-১২ বছৰৰ শিশু সংক্রমিত হ’বলৈ ল’লে। কৰ’না ভাইৰাছৰ ক্ষেত্ৰতো ঠিক একে সম্ভাৱনা ব্যক্ত কৰা হৈছে শেহতীয়া অধ্যয়নত।

(UD.)