কৃষ্ণকান্ত  সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস

কৃষ্ণকান্ত  সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ জালুকবাৰীস্থিত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ৰ ৫২ সংখ্যক  প্ৰতিষ্ঠা দিৱস  উদ্‌যাপন কৰা হয় । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি  এখন  যজ্ঞসহিত পুজাৰ আৰু  মুকলি সভা অনুষ্ঠিত হয় ।সভাত ’আনন্দৰাম বৰুৱা স্মাৰক বক্তৃতা’ অনুষ্ঠিত  হয়৷ আনহাতে  সভাত প্ৰতিষ্ঠা দিৱসৰ আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিনীতা ভাগৱতীয়ে। তেনেদৰে  স্মাৰক বক্তৃতাত তত্ব গধুৰ আৰু সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে আনন্দৰাম বৰুৱা ভাষা -কলা- সংস্কৃতি সংস্থাৰ সঞ্চালক ড° দিলীপ কলিতাই ।  শেষত যজ্ঞৰ পূৰ্ণাহুতি আৰু পুষ্পাঞ্জলিৰে মহাবিদ্যালয়ৰ উন্নতি কামনা কৰি প্ৰসাদ বিতৰণ কৰা হয়। উল্লেখযোগ্য ক’ভিড  বিধি পালন কৰি এইবেলি  সীমিত সংখ্যক প্ৰাক্তন অধ্যাপক আৰু ছাত্ৰ- ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠুপীয়াকৈ প্ৰতিষ্ঠা দিৱস উদ্‌যাপন কৰা হয়।আৰম্ভণিতে আনন্দৰাম বৰুৱাৰ প্ৰতিচ্ছবিত  বন্তি প্রজলন আৰু মাল্যৰ্পণৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।