কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত বিশ্ব সংস্কৃত দিৱস উদযাপন

pc Careers360

কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত বিশ্ব সংস্কৃত দিৱস উদযাপন

অনলাইন বাৰ্ত্তাসেৱা – গুৱাহাটীৰ জালুকবাৰীস্থিত সংস্কৃত শিক্ষাৰ অগ্ৰণী প্রতিষ্ঠান কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত গুগল মীট মাধ্যমেৰে ২২ আগষ্টত বিশ্ব সংস্কৃত দিৱস উপলক্ষে এখন সভা অনুষ্ঠিত হয়। বেদ মন্ত্র পাঠেৰে শুভাৰম্ভ হোৱা উক্ত সভাত সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ অধ্যক্ষা ড° বিনীতা ভাগৱতীয়ে। অধ্যক্ষাই সংস্কৃত ভাষাৰ অধ্যয়নৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সংস্কৃত দিৱসৰ তাৎপৰ্যৰ বিষয়ে এটি বক্তৃতা আগবঢ়ায়৷ সভাখনৰ আঁত ধৰে মহাবিদ্যালয়খনৰ বেদ বিভাগৰ সহকাৰী অধ্যাপিকা ড° মৌচুমী গোস্বামীয়ে। মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে গীত পৰিৱেশন, বাঁহী বাদন, বক্তৃতা প্রদান আদিৰ জৰিয়তে অনুষ্ঠানটিত সক্রিয় অংশগ্রহণ কৰে। সভাখনত শলাগৰ শৰাই আগবঢ়ায় মহাবিদ্যালয়ৰ ন্যায় বিভাগৰ সহকাৰী অধ্যাপিকা উদিতা ভট্টাচাৰ্যই ৷ উক্ত সভাত বিশ্ব সংস্কৃত দিৱসৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত আয়োজন কৰা ‘কোভিডকালে ছাত্র জীৱনম’শীৰ্ষক ৰচনা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হয় ৷ প্ৰতিযোগিতাত প্রথম স্থান লাভ কৰে সন্দিকৈ বালিকা মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী কোকিলা ৰাজখোৱাই আৰু দ্বিতীয় স্থান লাভ কৰে নলবাৰী মহাবিদ্যালয়ৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী পৰীস্মিতা গোস্বামীয়ে ।

(UD.)