কা (CAA) আৰু এন.আৰ.চি.ৰ সৈতে হিন্দু-মুছলমান বিভাজনৰ কোনো ধৰণৰ সম্পৰ্ক নাইঃ মোহন ভাগৱত

pc Hindustan Times

অনলাইন বাৰ্ত্তাসেৱা – দুদিনীয়া ভ্ৰমণৰ আহি অসমত থকা আৰ.এছ.এছ.ৰ মুৰব্বী মোহন ভাগৱতে প্ৰকাশ কৰে যে নাগৰিকত্ব সংশোধনী আইন (CAA) আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC)ৰ হিন্দু-মুছলমান বিভাজনৰ সৈতে কোনো সম্পৰ্ক নাই আৰু এই দুয়োটা বিষয়ক লৈ চলি থকা সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টিৰ জৰিয়তে ৰাজনৈতিক মুনাফা লাভৰ বাবে কিছুমানে চেষ্টা কৰি আছে।
তেওঁ আৰু লগতে কয় যে নাগৰিকত্ব আইনৰ বাবে কোনো মুছলমান ধৰ্মাবলম্বী লোক ক্ষতিগ্ৰস্ত নহয়। ভাগৱতে ইয়াত ‘Citizenship debate over NRC and CAA-Assam and the Politics of History’ শীৰ্ষক এখন কিতাপ মুকলি কৰে আৰু লগতে কয়, “স্বাধীনতাৰ পিছত হোৱা দেশৰ প্ৰথম প্ৰধানমন্ত্ৰীয়ে কৈছিল যে সংখ্যালঘুসকলৰ যত্ন লোৱা হ’ব, আৰু তাক এতিয়ালৈকে পালন কৰা হৈ আহিছে। আমি সেইটো অব্যাহত ৰাখিম। ‘কা’ (CAA)ৰ বাবে কোনো মুছলমান লোকৰ ক্ষতিগ্ৰস্ত নহয়।”

(UD.)