কাহিলিপাৰা-গণেশগুৰি শাখা লেখিকা সংস্থাৰ প্ৰতিষ্ঠা দিৱস

কাহিলিপাৰা-গণেশগুৰি শাখা লেখিকা সংস্থাৰ প্ৰতিষ্ঠা দিৱস

ৰঙিলী বাৰ্ত্তাসেৱা-  লেখিকা সংস্থা অসমৰ অন্তৰ্গত বৃহত্তৰ কাহিলিপাৰা-গণেশগুৰি শাখা লেখিকা সংস্থাৰ উদ্যোগত অসম সাহিত্য সভাৰ জয়ন্ত কুমাৰ-লখিমী বৰুৱা সদনত প্ৰতিষ্ঠা দিৱস উদ্‌যাপন কৰা হয়৷অনুষ্ঠানৰ লগত সংগতি ৰাখি বজালী জিলাৰ পাটাছাৰকুছি গাঁও নিবাসী,প্ৰচাৰ বিমুখ,নীৰৱ তথা লোকগীতৰ সাধক ডিম্বেশ্বৰ কলিতাক গামোচা,জাপি,মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়৷লগতে তেওঁৰ সহযোগী অৰূপ কলিতা,সুৰেন মজুমদাৰ,মৃনাল কুমাৰ কলিতা,বিপুল দাস,ৰমেশ কলিতাকো সম্বৰ্ধনা জনোৱা হয়৷উক্ত অনুষ্ঠানত ’শৰৎ মাধুৰী’ নামৰ ঋতু বিষয়ক কবিতা সংকলনো উন্মোচন কৰা হয়৷সম্পাদিকা ৰুণুমী লহকৰে উদ্দেশ্য ব্যাখ্যা কৰা সভাত পৌৰোহিত্য কৰে অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীয়ে৷প্ৰচাৰ সম্পাদিকা ৰিমু শৰ্মাই শংখ বজোৱা সভাত উদ্বোধন কৰে কবি মীৰা ঠাকুৰে৷সভাত বিশিষ্ট সাহিত্যিক ড° নিৰঞ্জন কলিতা,অখিল ভাৰতীয় সাহিত্য পৰিষদ,অসমৰ সভাপতি ধীৰেন শৰ্মা,লেখিকা সংস্হাৰ সভানেত্ৰী মৃদুলা শৰ্মা,প্ৰধান সম্পাদিকা বিজয়া দেৱদাস,অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক বিষু ডেকা,কাৰ্যকৰী সদস্য দুৰ্গেশ্বৰ পাঠকে ভাষণ দিয়ে৷