কাশ্মীৰৰ এলঅ’চিৰ ওচৰত হেলিকপ্টাৰ দুৰ্ঘটনাত ১ জন সেনা পাইলট নিহত

pc. BusinessToday

কাশ্মীৰৰ এলঅ’চিৰ ওচৰত হেলিকপ্টাৰ দুৰ্ঘটনাত ১ জন সেনা পাইলট নিহত

ৰঙিলী বাৰ্ত্তাসেৱা-  উত্তৰ কাশ্মীৰৰ গুৰেজ চেক্টৰত দুৰ্ঘটনাগ্ৰস্ত হোৱা ভাৰতীয় সেনাৰ চিতা হেলিকপ্টাৰৰ দুজন পাইলটৰ এজনৰ মৃত্যু হৈছে বুলি সেনা বিষয়াসকলে জানিবলৈ দিয়ে। আনজন পাইলট আঘাতপ্ৰাপ্ত হৈছে, বিষয়াসকলে কয়।  বতৰৰ পৰিস্থিতিৰ বাবে দুৰ্ঘটনাটো সংঘটিত হৈছিল।উত্তৰ কাশ্মীৰৰ বান্দিপোৰা জিলাৰ গুৰেজ চেক্টৰৰ গুজৰান নাল্লাৰ ওচৰত দুৰ্ঘটনাটো সংঘটিত হৈছিল।