কালিলৈ গোলাঘাটত মুকলি হব প্ৰথমখন উৰণীয়া সেতু

কালিলৈ গোলাঘাটত মুকলি হব প্ৰথমখন উৰণীয়া সেতু

মৃগাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা- কালিলৈ গোলাঘাটৰ ফৰকাটিংত জিলা খনৰ প্ৰথমখন উৰণীয়া সেতু মুকলি কৰিব অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। এই সেতুখন মুকলি কৰোঁতে তেখেতৰ লগত থাকিব বিত্ত মন্ত্ৰী অজন্তা নেওগ, কৃষি মন্ত্ৰী অতুল বৰা। এই উৰণীয়া সেতু খনৰ মুকলিয়ে জিলা খনৰ যাতায়ত ব্যৱস্থা যথেষ্ট উন্নত কৰি তুলিব বুলি ৰাইজে মতপ্ৰকাশ কৰিছে।