কালাঝাৰত বিদ্যুৎস্পৃষ্ট হৈ তিনি শ্ৰমিকৰ কৰুণ মৃত্যু

কালাঝাৰত বিদ্যুৎস্পৃষ্ট হৈ তিনি শ্ৰমিকৰ কৰুণ মৃত্যু

অমৰজিৎ ৰাভা,ওদালগুৰি,ৰঙিলী বাৰ্ত্তাসেৱা- ওদালগুৰি জিলা কালাঝাৰত উচ্চ প্ৰাৱল্যৰ বিদ্যুৎস্পৃষ্ট হৈ তিনি শ্ৰমিকৰ কৰুণ মৃত্যু! ”প্ৰাপ্ত খবৰ অনুসৰি ওদালগুৰি জিলা চপন গাঁ‌ৱৰ কালাঝাৰত দলঙৰ খুটা নিৰ্মাৰণৰ কাম চলি থকা অৱস্থাত উচ্চ প্ৰাৱল্যৰ বিদ্যুতৰ তাৰ স্পৰ্শকাতৰ হৈ তিনি শ্ৰমিকৰ কৰুণ মৃত্যু হোৱাৰ লগতে কেইবা গৰাকী লোক গুৰুতৰভাৱে আহত হোৱাৰ উপৰিও দুগৰাকী সংকটজনক অৱস্থাত চিকিৎসাধিন আৰু তাৰে এগৰাকী মহিলা শ্ৰমিক বুলি জানিব পৰা যায়। আৰু মৰ্মান্তিকভাৱে মৃত্যুক আকোৱালি লোৱা শ্ৰমিক সকল আটাই কেইগৰাকী দৰং জিলাৰ দলগাঁ‌ও থানা অন্তৰ্গত চপৰা বস্তিৰ দুগৰাকী আৰু আতাকাতাৰ এগৰাকী বুলি জানিব পৰা যায়। নামক্ৰমে — আব্বাছ আলি, ফকীৰ আলি, ঘেৰু আলি। আৰু এতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ লগতে দণ্ডাধীশ উপস্থিত হৈ তদন্ত পক্ৰিয়া অব্যাহত ৰাখিছে।