কামৰূপ মহানগৰ পৰিবহণ বিভাগে সংবাদিক-সংবাদকৰ্মীক গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ প্ৰদান

pc- The Sentinel Assam

কামৰূপ মহানগৰ পৰিবহণ বিভাগে সংবাদিক-সংবাদকৰ্মীক গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ প্ৰদান

অনলাইন বাৰ্ত্তাসেৱা– মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছা আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশ মৰ্মে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত সংবাদ সেৱাৰ লগত জড়িত সাংবাদিক আৰু সাংবাদকৰ্মীসকলক থিতাতে গাড়ী চালনাৰ শিকাৰু অনুজ্ঞাপত্ৰ(লাৰ্নাৰ লাইচেন্স) প্ৰদানৰ এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে ১০০ দিন সফলতাৰে অতিক্ৰম কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা বুলি কয় কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে। তেওঁ কয় যে দেশ তথা ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ উন্নয়নত গণতন্ত্ৰৰ চতুৰ্থস্তম্ভ সাংবাদিক আৰু সংবাদকৰ্মীসকলৰ ভূমিকা অতুলনীয় আৰু উল্লেখযোগ্য। বিভিন্ন জটিল পৰিস্থিতিতো অতন্দ্র সাংবাদিকসকলে প্ৰহৰীৰ দৰে সমাজ জীৱনলৈ অনবদ্য সেৱা আগবঢ়াই আহিছে। গাড়ীচালনা আৰু পথ সুৰক্ষাৰ বিভিন্ন নীতি-নির্দেশনাসমূহ সমাজৰ সৰ্বস্তৰৰ মাজলৈ আগবঢ়াই নি জনসাধাৰণক সদাসচেতন আৰু সজাগ কৰি ৰখাতো সাংবাদিকসকলে উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আহিছে। সেয়েহে সমাজৰ প্ৰতি উৎসর্গিত এইসকল লোকৰ দৈনন্দিন যাতায়াত আৰু যোগাযোগত সুবিধা হোৱাকৈ গাড়ীচালনাৰ একোখনকৈ শিকাৰু অনুজ্ঞাপত্ৰ দিব বিচাৰিছো আৰু তেওঁলোকক আগবাঢ়ি আহি এই সেৱা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো। উল্লেখ্য যে, অনুজ্ঞাপত্ৰৰ বাবে আবেদনকাৰীসকলক প্রথমে হোণ্ডা ছেফটি ড্রাইভিং এডুকেচন চেণ্টাৰৰ সহযোগত পথ-সুৰক্ষা আৰু যান-বাহন চলোৱাৰ বিধি সন্দৰ্ভত প্রাথমিক জ্ঞান প্ৰদানৰ এক কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব। সেই অনুসৰি অহা ৩১ আগষ্টৰ পৰা মহানগৰীৰ বেতকুছিস্থিত জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত এমাহৰ বাবে প্রতিদিনে ১০গৰাকীকৈ আবেদনকাৰীক থিতাতে অনুজ্ঞাপত্ৰ প্ৰদান কৰা হʼব। জিলা পৰিবহণ বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে ইচ্ছুক আঁবেদনকাৰীসকলে অনুজ্ঞাপত্ৰৰ বাবে নিজৰ নাম-ঠিকনাবয়সৰ প্ৰমাণপত্ৰসহ ‘Parivahan Sewa’ portalত অথবা  ‘http//sarathi.parivahan.gav.in/sarathiservice’ ত অনলাইনযোগে আবেদন কৰিব লাগিব। তদুপৰি অনলাইন আবেদনৰ পাছত আবেদনকাৰীসকলে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ ৪৯ নম্বৰ কাউণ্টাৰত বয়স আৰু ঠিকনাৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব।

 

(RT)