কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত ২৫ জুনত অনুষ্ঠিত হ’বলগীয়া জৰুৰী সভা

The Sentinel Assam

অনলাইন বাৰ্ত্তাসেৱা –  ভাৰতৰ আন প্ৰান্তৰ দৰে অসমতো বিগত প্রায় দুমাহ ধৰি আংশিক লকডাউনকেন্দ্রিক পৰিস্থিতি চলি আছে। কিন্তু এনে পৰিস্থিতিৰ মাজতো ৰাজ্যৰ আন কেইবাখনো জিলাৰ লগতে কামৰূপ মহানগৰ জিলাৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুর্ঘটনাই সচেতন লোকৰ লগতে চৰকাৰকো চিন্তাম্বিত কৰি তুলিছে। বিশেষকৈ ক্ষেত্রী, সোণাপুৰ, আজাৰা, জালুকবাৰীকে ধৰি ৰাষ্ট্ৰীয় ঘাই পথৰ বিভিন্ন প্রান্তত বিগত দিনকেইটাত সংঘটিত কেইবাটাও দুর্ঘটনাত ভালেকেইজন লোক হতাহত হৈছে। এনে পৰিপ্ৰেক্ষিতত পথ দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ লগতে চালক পৰিচালককে ধৰি পথ ব্যৱহাৰকাৰীসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে পৰিবহণ আৰু যান-বাহন খণ্ডৰ লগত জড়িত অংশীদাৰীসকলৰ উপস্থিতিত কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত এখন জৰুৰী সভা অনুষ্ঠিত হ’ব। সমিতিৰ সদস্য-সচিব আৰু কামৰূপৰ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে জানিবলৈ দিয়া মতে অহা ২৫ জুনত দিনৰ ১১ বজাত উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হ’বলগীয়া সভাখনত সভাপতিত্ব কৰিব কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত তথা কমিটীৰ সভাপতি বিশ্বজিৎ পেগুৱে সভাত গুৱাহাটী মহানগৰ আৰক্ষীৰ যান বাহন শাখা, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, লোক নির্মাণ বিভাগ, আঞ্চলিক পৰিবহণ প্ৰাধিকৰণ, কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ (প্ৰৱতক) বিষয়া, কামৰূপ মহানগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ দায়িত্ববাহী বিষয়া-প্রতিনিধি আদিয়ে ভাগ ল’ব। সভাত ঘাইকৈ চালক আৰু জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰে কেনেদৰে পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰিব পাৰি সেই বিষয়ে মতামত গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে।