কামৰূপ মহানগৰ জিলাত দুই শতাধিক যুৱক-যুৱতীক গাড়ীচালনাৰ প্ৰশিক্ষণ দিব অসম চৰকাৰৰ পৰিবহণ বিভাগে

Pc Wikipedia

উন্নত মানৱ সম্পদ গঢ়াৰ লক্ষ্যৰে

কামৰূপ মহানগৰ জিলাত দুই শতাধিক যুৱক-যুৱতীক গাড়ীচালনাৰ প্ৰশিক্ষণ দিব অসম চৰকাৰৰ পৰিবহণ বিভাগে

গুৱাহাটী ৩ ডিচেম্বৰঃ ক্রমবর্ধমান পথ-দুৰ্ঘটনা হ্রাস কৰাৰ লগতে আত্মসংস্থাপন প্ৰদানৰ লক্ষ্যৰে প্রতি বিধানসভা সমষ্টিৰ ৫০ জনকৈ যুৱক-যুৱতীক গাড়ী চলোৱাৰ প্ৰশিক্ষণ প্রদান কৰি উন্নত মানৰ সেৱা আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা মহোদয়ে ঘোষণা কৰা গুৰুত্বপূৰ্ণ আঁচনিখনে ৰাজ্যৰ বহু নিবনুৱা যুৱক-যুৱতীক উৎসাহিত কৰিছে। ৰাজ্যৰ পৰিবহণ খণ্ডলৈ আমূল পৰিৱৰ্তনৰ লগতে সুৰক্ষিত যাতায়াত ব্যৱস্থা বাহাল ৰখাৰ উদ্দেশ্যে হাতত লোৱা মুখ্যমন্ত্রী মহোদয়ৰ সপোনৰ আঁচনিখনৰ সঠিক আৰু সফল ৰূপায়ণৰ বাবে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে বিশেষ ভূমিকা গ্রহণ কৰিছে। জিলাখনৰ বাছনি আৰু পৰীক্ষণ সমিতি গঠনৰ পিছত জিলা উপায়ুক্ত তথা জিলা পৰ্যায়ৰ বাছনি আৰু পৰীক্ষণ সমিতিৰ অধ্যক্ষৰ পৌৰহিত্যত প্ৰথমখন সভা অনুষ্ঠিত হোৱাৰে পৰা জিলাখনৰ ৪টা বিধানসভা সমষ্টি ক্রমে জালুকবাৰী, পূব গুৱাহাটী, পশ্চিম গুৱাহাটী আৰু দিছপুৰক সামৰি আঁচনিখন বাস্তৱায়িত কৰাৰ বাবে পূর্ণ প্রস্তুতি চলিছে। এই অভিলাষী আঁচনিৰ জৰিয়তে প্ৰতিটো বিধানসভা সমষ্টিৰপৰা ৫০ জনকৈ নিৰ্বাচিত যুৱক-যুৱতীক বিনামূলীয়াকৈ ৪৫ দিনীয়া গাড়ী চালনাৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। অষ্টম শ্রেণী উত্তীর্ণ, ১৮ বছৰৰ পৰা ৩৫ বছৰৰ ভিতৰৰ যুৱক-যুৱতীসকলে নিজ নিজ বিধানসভা সমষ্টি উল্লেখ কৰি আবেদন কৰিব লাগিব। প্ৰশিক্ষণৰ অন্তত প্ৰতিগৰাকী প্ৰশিক্ষার্থীক ৩৩৭৫ টকাৰ এককালীন জলপানি প্ৰদানৰ লগতে গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ (লাইচেঞ্চ) প্ৰদান কৰি পৰ্যটনকে ধৰি বিভিন্ন ক্ষেত্ৰত কর্মসংস্থাপনৰ উদ্দেশ্যে নিয়োজিত হ’ব পৰাকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব। বাছনিৰ ক্ষেত্ৰত দৰিদ্ৰ সীমাৰেখাৰ তলৰ তথা আর্থিকভাবে অনগ্ৰসৰ যুৱক-যুৱতীক প্রাধান্য দিয়া হ’ব। সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া তথা সদস্য সচিব গৌতম দাসে সদৰী কৰা মতে আঁচনিখন ৰূপায়ণৰ বাবে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তক অধ্যক্ষ আৰু জিলা পৰিবহণ বিষয়াক সদস্য সচিব হিচাপে লৈ গঠন কৰা জিলা পর্যায়ৰ বাছনি সমিটিখনত আছে কামৰূপ মহানগৰ জিলাৰ অভিভাবক মন্ত্ৰীৰ দ্বাৰা মনোনীত সদস্য, আৰক্ষী অধীক্ষক, ৰাজহ চক্ৰ বিষয়া, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক, জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ বিষয়া, প্রশিক্ষণ প্রতিষ্ঠান বা আই টি আইৰ অধ্যক্ষ, অসম দক্ষতা বিকাশ অভিযানৰ বিষয়া, পৰিবহণ বিষয়াদ্বয় আদি। অসম দক্ষতা বিকাশ অভিযান চমুকৈ এ.এছ.ডি.এম, আইটিআই তথা অনুমোদনপ্রাপ্ত অভিজ্ঞতাসম্পন্ন গাড়ী চালনাৰ প্রশিক্ষণ প্রদানকাৰী প্ৰতিষ্ঠানৰ জৰিয়তে প্রার্থীসকলক এই প্রশিক্ষণ প্ৰদান কৰা হ’ব। ৫ বছৰৰ অভিজ্ঞতাসম্পন্ন গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ থকা তথা চৰকাৰী স্বীকৃতিপ্রাপ্ত প্রতিষ্ঠানৰ পৰা মটৰ মেকানিকছৰ পাঠ্যক্রম গ্ৰহণ কৰা বা সমপৰ্যায়ৰ অৰ্হতা থকা ব্যক্তিৰ জৰিয়তে প্ৰাৰ্থীসকলক প্রশিক্ষণ প্ৰদান কৰা হ’ব। গাড়ী চালনাৰ উপৰিও প্ৰশিক্ষার্থীসকলক অন্যান্য ক্ষেত্ৰৰ দক্ষতাৰ লগতে ব্যক্তিত্ব বিকাশৰো প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। এই প্রশিক্ষণ প্রদান কৰিব ছফ্‌ফ্ট স্কিল আৰু ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰখনত দুবছৰৰ অভিজ্ঞতা থকা তথা পর্যটন ক্ষেত্ৰৰ অভিজ্ঞ ব্যক্তিয়ে। প্রশিক্ষণ গ্ৰহণ কৰিবলগীয়া প্রার্থীসকলে ৩ কপি পাছপৰ্ট ফটোসহ বয়স, শিক্ষাগত অৰ্হতা আৰু ঠিকনাৰ প্ৰমাণ পত্র আবেদনপত্ৰৰ সৈতে গাঁঠি দিব লাগিব। বয়সৰ প্ৰমাণপত্ৰ হিচাপে আধাৰ কাৰ্ড, জন্মৰ প্ৰমাণ পত্ৰ, পান কাৰ্ড বা বিদ্যালয়ৰ প্ৰমাণ পত্ৰ দিব পাৰিব। আনহাতে ঠিকনাৰ প্ৰমাণ পত্ৰ হিচাপে ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড আদি গণ্য কৰা হ’ব। কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ বেতকুছিস্থিত কাৰ্যালয়ৰ পৰা আবেদনপত্র সংগ্রহ কৰিব পাৰিব। আগ্রহী প্ৰাৰ্থীসকলে অতি শীঘ্রেই প্রয়োজনীয় নথিসহ আবেদন পত্ৰ কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ বেতকুছিস্থিত কাৰ্যালয়ত জমা দিব লাগিব।