কামৰূপ একাডেমীৰ মুখপত্ৰ ’জিলিকনি’ উন্মোচন

কামৰূপ একাডেমীৰ মুখপত্ৰ ‘জিলিকনি’ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  ঐতিহ্যমণ্ডিত কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক মুখপত্ৰ ’জিলিকনি’ আজি বিদ্যালয় প্ৰেক্ষাগৃহত উন্মোচন কৰা হয়৷বিদ্যালয়ৰ প্ৰাক্তন কৃতীছাত্ৰ তথা বৰ্তমান গুৱাহাটী পৌৰনিগমৰ পৌৰপতি মৃগেন শৰনীয়াই উন্মোচন কৰি তেওঁ ভাষণত বিভিন্ন সাৰগৰ্ভ কথাৰ লগতে বিদ্যালয়খনিৰ পূৰ্বৰ ঐতিহ্য সোঁৱৰণ কৰি বৰ্তমান শিক্ষাৰ্থীসকলক অনুপ্ৰাণিত কৰে৷বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা বিদ্যালয়ৰ এসময়ৰ প্ৰাক্তন ছাত্ৰ ড° হিমন্ত বিশ্ব শৰ্মাৰ সৎ প্ৰচেষ্টাক শ্ৰদ্ধাৰে শলাগ লৈ নৱ প্ৰজন্মক তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হ’বলৈ আহ্বান জনায়৷বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী প্ৰণীতা শৰ্মা বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানত অধ্যক্ষ চি বি ৰায়,উপাধ্যক্ষ পৰাগ বৰঠাকুৰ,জ্যেষ্ঠ শিক্ষয়িত্ৰী কাবেৰী বৰাই মঞ্চ অলংকৃত কৰে৷আলোচনী তত্বাৱধায়ক শিক্ষয়িত্ৰী স্মৃতিৰেখা দেৱী,নমিতা শৰ্মা,প্ৰণীতা শৰ্মা বৰদলৈকে আদি কৰি সভাত উপস্থিত থকা গৰিষ্ঠসংখ্যক শিক্ষক- শিক্ষাৰ্থীৰ সন্মুখত গীত কবিতাৰে বিদ্যালয়ৰ শিক্ষাৰ্থী প্ৰিয়া শীল,দীপাংকৰ দাস,পূজা দাসে সকলোৰে মন আহ্লাদিত কৰে৷