কাব্য সংকলন ‘হৃদয়ৰ দুৱাৰ খুলি’ উন্মোচন

কাব্য সংকলন ‘হৃদয়ৰ দুৱাৰ খুলি’ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা- লেখিকা, সমাজকৰ্মী মানসী আদিলৰ দ্বিতীয়খন কাব্য সংকলন ‘হৃদয়ৰ দুৱাৰ খুলি’ আজি উন্মোচন কৰা হয়। বিশিষ্টা শিক্ষাবিদ, মানকাচৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা মাৰ্ছিয়া আমিনে আনুষ্ঠানিকভাৱে কাব্য সংকলনখনি উন্মোচন কৰে। লেখক,সাংবাদিক আজিজুৰ ৰহমান শইকীয়াৰ পৰিচালনাত গ্ৰন্থকাৰৰ মহানগৰীৰ বাসভৱনত আয়োজিত মনোজ্ঞ গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে মানকাচৰ গাৰ্লছ হায়াৰ চেকেণ্ডেৰী স্কুলৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা দিলোৱাৰা খন্দকাৰ, লোকনিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত অধীক্ষক অভিযন্তা, খন্দকাৰ মিনাৰুল আলম, ক্ৰীড়াবিদ তথা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ প্ৰশাসনিক বিষয়া গজনাফৰ আদিল আৰু গ্ৰাফিক শিল্পী মাহিৰা শইকীয়া। গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ সতে সংগতি ৰাখি এক বিশেষ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। এই অনুষ্ঠানত বিভিন্নজনে কবিতা আবৃত্তি, ৰবীন্দ্ৰ সঙ্গীত, কাজী নজৰুল ইছলামৰ গীত আৰু অসমীয়া আধুনিক গীত পৰিৱেশন কৰে।