কাব্যপ্ৰৱৰ কৰুণাকান্ত বৰ্মনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

কাব্যপ্ৰৱৰ কৰুণাকান্ত বৰ্মনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম সাহিত্য সভাৰ ভাগৱতী প্ৰসাদ বৰুৱা ভৱনৰ জয়ন্তকুমাৰ- লখিমী বৰুৱা সদনৰ সভাগৃহত সূৰুযমুখী কবি চক্ৰৰ উদ্যোগত  কাব্যপ্ৰৱৰ কৰুণাকান্ত বৰ্মনৰ স্মৃতিচাৰণৰ লগতে মধ্যকালীন অধিৱেশন সম্পন্ন হৈ যায় । অনুষ্ঠানটোৰ আঁত ধৰে কাৰ্যকৰী সভাপতি জ্যোতিৰ্ময় শৰ্মাই আৰু উদ্দেশ্য ব্যাখ্যা কৰে আন গৰাকী কাৰ্যকৰী সভাপতি চৈয়দা অঞ্জুম আৰা হুছেইনে৷ সভাত  শাখাৰ সভাপতি দিলীপ কুমাৰ ডেকা, সভাখনৰ সঞ্চালক সাহিত্যিক খগেন্দ্ৰনাথ তালুকদাৰ, মুখ্য অতিথিৰূপে কাব্য সমালোচক বিপুল কুমাৰ  শৰ্মা, নিৰ্দিষ্ট বক্তা কবি ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতী, সন্মানীয় অতিথি অসম কবি সন্মিলনৰ প্ৰচাৰ সম্পাদক আৰু কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ সভাপতি ‘জনতাৰ কবি’ অতুল তামুলী, বিশিষ্ট আতিথি সাহিত্যিক কপুৰ চান্দ জৈন আৰু অসম কবি সন্মিলনৰ উপ সভাপতি কবি দয়ানন্দ গোস্বামীয়ে৷পুৱাৰ ভাগতে পতাকা উত্তোলন কৰে অতুল তামুলীয়ে আৰু সহযোগ কৰে শাখাৰ সভাপতি দিলীপ কুমাৰ ডেকাই । প্ৰয়াত কৰুণাকান্ত বৰ্মনৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ, বন্তি প্ৰজ্জ্বলন কৰে প্ৰয়াতজনৰ পৰিবাৰ প্ৰতিমা মুদৈ বৰ্মনে৷ এটি ভক্তিমূলক গীত পৰিৱেশন কৰে বাসন্তী দত্ত কাকতিয়ে । পৰিয়ালবৰ্গৰ হৈ স্মৃতিচাৰণ  কৰে পৰিবাৰ প্ৰতিমা বৰ্মন আৰু জী অংকিতা বৰ্মনে । উপস্থিত সকলৰ অৰুণ মহন্ত, বিনোদ বৰা, ৰবীন চন্দ্ৰ ৰাজবংশী, অপূৰ্ব কুমাৰ ফুকন, নৱজানী বৰুৱা শ‌ইকীয়া, হৃদয় কুমাৰ পাটগিৰি, ৰুই বৰা, ৰুণুদেৱী শৰ্মা, দেৱৰাজ কলিতা বৰ্মন, শিশু গুঞ্জন  গীত পৰাশৰ আদিয়ে  গীত-মাত-কবিতাৰে স্মৃতিচাৰণ কৰে ।  জী স‌ংগত বৰ্মনে কৰুণাকান্ত বৰ্মনৰ ৰচনাত এটা গীতো সুৰীয়া কন্ঠেৰে পৰিৱেশন কৰে৷ভজন পৰিৱেশন কৰে সূৰুযমুখী কবি চক্ৰৰ সাংগঠনিক সম্পাদক শোভন কুমাৰ মেধিয়ে৷মধ্যকালীন অধিৱেশনখনত পৌৰোহিত্য কৰে শাখাৰ সভাপতি দিলীপ কুমাৰ ডেকাই। সূৰুযমুখীক কবি চক্ৰৰ মুখপত্ৰ ‘সূৰ্য্যমুখী’ উন্মোচন কৰে কবি-সাহিত্যিক খগেন্দ্ৰনাথ তালুকদাৰে। শাখাৰ সম্পাদিকা কাজল লতা মেধিৰ দুখন স্বৰচিত কবিতা সংকলন ‘সূৰ্যমুখীৰ সোণালী হাঁহি’ আৰু ’স্মৃতি ফুলৰ উদ্যান’ উন্মোচন কৰে কবি, সমালোচক বিপুল কুমাৰ শৰ্মাই।অধিৱেশনখনিত ডেৰকুৰিৰো অধিক  অংশগ্ৰহণকাৰীৰ স্বৰচিত কবিতা  পাঠ আৰু গীতৰে জীপাল কৰি তোলে৷