কাঠৰ চাইকেলেৰে চৰ্চালৈ আহিছে নলবাৰীৰ এজন যুৱক

কাঠৰ চাইকেলেৰে চৰ্চালৈ আহিছে নলবাৰীৰ এজন যুৱক:

৭ আগষ্ট,নলবাৰী: কৰোনাকালীন সময়ত একাংশ ছাত্ৰ ছাত্ৰীয়ে অপচয় কৰিছে সময়। মোবাইল পিটিকি মোবাইলত অনলাইন গেম খেলি নতুবা টিভিৰ সম্মুখত বহি পাৰ কৰিছে সময় । কিন্ত নলবাৰীৰ এজন ছাত্ৰই এই সময়ৰ সদ ব্যৱহাৰ কৰি দিছে চমক । চেষ্টাৰ অসাধ্য একো নাই । তাকেই প্ৰমাণ কৰি কৰোনাকালীন পৰিস্থিতিৰ মাজতে নিজৰ হাতে সাজি উলিয়ালে এখন কাঠৰ চাইকেল । এগৰাকী ছাত্ৰই নিজ হাতে নিৰ্মাণ কৰা কাঠৰ চাইকেল এতিয়া নলবাৰীত চৰ্চাৰ বিষয় হৈ পৰিছে। এগৰাকী কৃষকৰ পুত্ৰই প্ৰবল ইচ্ছাশক্তিৰ বলত অসাধ্য সাধন কৰি এইদৰে কাঠ আৰু বাহেৰে সাজি উলিয়াইছে এই বিশেষ চাইকেল খন ।নলবাৰী জিলাৰ আমনি গাঁওৰ কৃষক জমিৰ উদ্দিন আহমেদৰ পুত্ৰ স্নাতক ডিগ্ৰীধাৰী জিতু উদ্দিন আহমেদে কাঠেৰে এই চাইকেল খন সাজি ৰাজপথত এইদৰে চলাই ঘুৰি ফুৰে ।বাটৰুৱাই ঘুৰি ঘুৰি চায় জিতুৰ কাঠৰ চাইকেল । কোনোবাই আকৌ এই বিশেষ চাইকেল খন লৈ উঠে ফটো । সচাঁই অসমত যেন প্ৰতিভাৰ অভাব নাই । প্ৰথম বাহেৰে চাইকেল সাজিবলৈ চেষ্টা কৰি ব্যৰ্থ হোৱা জিতুই হাৰ নামানি কাঠেৰে সাজি উলিয়ালে এইখন আকৰ্ষণীয় কাঠৰ চাইকেল। আদৰ্শ কৃষকৰ পুত্ৰ জিতুই নিজ হাতে সাজি উলিয়াছে গীতাৰ বাঁহী আদি বহুতো সামগ্রী। এইদৰে কাঠৰ চাইকেল সাজি চৰ্চালৈ অহা জিতুই ভবিষ্যতে এখন কাঠৰ চাৰিচকীয়া বাহন সাজিবলৈ কৰিছে পৰিকল্পনা। জিতুৰ সপোনে বাস্তব ৰূপ পাওঁক আমিও তাকেই কামনা কৰিলোঁ। by sahil mallick