কাইলৈ উত্তৰ প্ৰদেশত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

pc Telegraph India

কাইলৈ উত্তৰ প্ৰদেশত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ৰঙিলী বাৰ্ত্তাসেৱা – প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ উত্তৰ প্ৰদেশলৈ যাব। তেওঁ পুৱা প্ৰায় ১০ বজাত কুশীনগৰ বিমানবন্দৰ মুকলি কৰিব। ইয়াৰ পাছত দিনৰ প্ৰায় চাৰে ১১ বজাত মহা পৰিনিৰ্বান মন্দিৰত অভিধৰ্ম্ম দিৱসত অংশগ্ৰহণ কৰিব। প্রধানমন্ত্ৰীয়ে দিনৰ ১ বাজি ১৫ মিনিটত কুশীনগৰত কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন কৰিব আৰু কেইটামান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। কুশীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ শ্ৰীলংকাৰ শতাধিক বৌদ্ধ ভিক্ষুক আৰু ১২ জনীয়া প্ৰতিনিধি দলক লৈ কলম্বোৰ পৰা অহা প্ৰথমখন বিমানে অৱতৰণ কৰিব। প্রতিনিধি দলটোত শ্ৰীলংকাৰ ৫ গৰাকী কেবিনেট মন্ত্রীও আছে। ২৬০ কোটি ব্যয়েৰে এই বিমানবন্দৰটো নিৰ্মাণ কৰি উলিওৱা হৈছে। এই বিমানবন্দৰটোৰ সেৱা আৰম্ভ হোৱাৰ লগে লগে গৌতম বুদ্ধৰ সৈতে জড়িত স্থানসমূহত পর্যটন বৃদ্ধি পাব। প্রধানমন্ত্রী মোদীয়ে মহা পৰিনিৰ্বান মন্দিৰত পূজা অৰ্চনা কৰিব আৰু বোধিবৃক্ষৰ পুলি ৰোপণ কৰিব। অনুষ্ঠানত শ্রীলংকা, থাইলেণ্ড, দক্ষিণ কোৰিয়া, নেপাল, ভুটান আৰু কলম্বিয়াৰ আগশাৰীৰ বৌদ্ধ ভিক্ষু তথা কেইবাখনো দেশৰ ৰাষ্ট্রদূতে অংশগ্ৰহণ কৰিব। প্রধানমন্ত্ৰীয়ে কুশীনগৰৰ বৰৱা বনাঞ্চলত এটা ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কুশীনগৰৰ এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। ২৮০ কোটি টকা ব্যয়েৰে এই চিকিৎসালয়খন নিৰ্মাণ কৰা হ’ব। মহাবিদ্যালয়খনত ৫০০খন বিচনাযুক্ত এখন চিকিৎসালয়ো থাকিব আৰু ২০২২-২৩ শিক্ষাবৰ্ষৰ এশগৰাকী বিদ্যার্থী বি বি এছ পাঠ্যক্ৰমত নামভর্তি কৰিব পাৰিব। শ্রীমোদীয়ে ১৮০ কোটিতকৈ অধিক টকা ব্যয়সাপেক্ষ ১২টা উন্নয়নমূলক প্রকল্প উদ্বোধন কৰিব আৰু আধাৰশিলা স্থাপন কৰিব৷