কলিয়াবৰ লোকসভাৰ সাংসদ গৌৰৱ গগৈয়ে আজি বেছামাৰী গাঁও পঞ্চায়ত পৰিদৰ্শন

কলিয়াবৰ লোকসভাৰ সাংসদ গৌৰৱ গগৈয়ে আজি বেছামাৰী গাঁও পঞ্চায়ত পৰিদৰ্শন

ইকবাল হুছেইন,মৈৰাবাৰী, ৰঙিলী বাৰ্ত্তাসেৱা-  কলিয়াবৰ লোকসভাৰ সাংসদ গৌৰৱ গগৈয়ে আজি হঠাৎতে বেছামাৰী গাওঁ পঞ্চায়তৰ ষ্ট্ৰীট লাইট, বেছামাৰী আঞ্চলিক কবৰস্থান, বেছামাৰী ক্ষুদ্র প্ৰাথমিক চিকিৎসালয়ৰ লগতে ৰাইজৰ অভাব-অভিযোগৰ বিষয়ে বুজ ল’লে সাংসদগৰাকীয়ে । আৰু সাংসদ পুঁজিৰ পৰা বেছামাৰী আঞ্চলিক কবৰস্থানৰ বাউণ্ডাৰী ৱালৰ বাবে ৩ লাখ টকাৰ এটা এককালীন সাহায্যৰ অনুদানৰ কথা উল্লেখ কৰে । বেছামাৰীৰ আশ্ৰাফুল ঊলুম হাফিজিয়া মাদ্ৰাছাৰ শিক্ষক আৰু ছাত্ৰৰ লগত সাক্ষাৎ কাৰ কৰি মাদ্ৰাছাৰ অভাৱ অনাটনৰ বুজ লয়। লগতে বেছামাৰী ক্ষুদ্র প্ৰাথমিক চিকিৎসালয়ত এখন এম্বুলেন্স প্ৰদানৰ আশ্বাস দিয়ে সাংসদ গৌৰৱ গগৈয়ে।আনকি বেছামাৰী প্ৰেছ ক্লাবৰ সদস্য সকলেওঁ সাংসদ গৌৰৱ গগৈয়ক সাদৰ সম্ভাষণেৰে সম্ভাষণ জনায় ।