কলাক্ষেত্ৰৰ ২২ সংখ্যক নৱবৰ্ষ মহোৎসৱৰ আৰম্ভ

কলাক্ষেত্ৰৰ ২২ সংখ্যক নৱবৰ্ষ মহোৎসৱৰ আৰম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা-  শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ১ জানুৱাৰীত কলাক্ষেত্ৰ প্ৰাংগণত ২২ সংখ্যক নৱবৰ্ষ মহোৎসৱ আৰম্ভ হয়৷পুৱাৰ ভাগত ঢুলীয়া আৰু তত বাদ্যৰ অনুষ্ঠানত নলবাৰীৰ কৈহাটীৰ ঢুলীয়া জগদীশ বৰ্মনৰ নেতৃত্বত তেওঁৰ সংগীবৃন্দই পৰিৱেশন কৰে বৰঢোল৷ইয়াৰ পাছতে ‘এটহাৰ্ট’ৰ বিশিষ্ট গীটাৰ বাদক ৰাজু আনচাৰীৰ পৰিচালনাত সপ্তস্বৰ সংগীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে গীটাৰ বাদ্য পৰিৱেশন কৰে৷লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে গীটাৰ বাদ্য পৰিৱেশনেৰে কলাক্ষেত্ৰৰ চৌদিশৰ পৰিৱেশ মুখৰিত কৰি তোলে৷ দিনৰ ভাগত ‘বৰ্ণিল ছন্দ’ শীৰ্ষক কাঠখোদাই কৰ্মশালা আৰু পুথিচিত্ৰ শৈলীত অংকিত চিত্ৰ প্ৰদৰ্শনীৰ উদ্বোধনী অনুষ্ঠানৰ আৰম্ভণিতে সমাজৰ সচিব সুদৰ্শন ঠাকুৰে সমূহ শিল্পীকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰে৷অনুষ্ঠানত পুৃথিচিত্ৰ শৈলীৰ প্ৰদৰ্শনীৰ উদ্বোধন কৰে চিত্ৰশিল্পী কিশোৰ কুমাৰ দাসে, ভাস্কৰ্য কৰ্মশালা উদ্বোধন কৰে অসম চাৰু কাৰু কলা মহাবিদ্যালয়ৰ অধ্যক্ষ কৃষ গোস্বামীয়ে৷উক্ত অনুষ্ঠানত বিশিষ্ট চিত্ৰশিল্পী মুনীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যই তেওঁৰ আপুৰুগীয়া ‘স্ক্ৰ’ল’ চিত্ৰ কলাক্ষেত্ৰৰ কলাবীথিকাত সংৰক্ষণৰ বাবে দান হিচাপে আগবঢ়ায়৷অনুষ্ঠানত বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেন সিংহ,বিশিষ্ট কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ উপস্হিত থাকে৷কলাক্ষেত্ৰ সমাজৰ কৰ্মচাৰীসকলে ’কলাক্ষেত্ৰ’ শীৰ্ষক সমবেত সংগীত পৰিৱেশন কৰা বিয়লিৰ উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ দিয়ে সমাজৰ সচিব সুদৰ্শন ঠাকুৰে৷উক্ত অনুষ্ঠানত বিশিষ্ট মৃৎ শিল্পী জিতেন পাল,সংগীত নাটক বঁটা প্ৰাপক ক্ষীৰোদ খাখলাৰী,বিশিষ্ট বেহেলা বাদক সত্যকৃষ মিশ্ৰক সম্বৰ্ধনা জনোৱা হয়৷এই অনুষ্ঠানতে জিতেন পালক অসমৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰা এক আৰ্থিক অনুদান আগবঢ়ায়৷অনুষ্ঠানত সদ্যঘোষিত সাহিত্য একাডেমী বঁটা প্ৰাপক অনুৰাধা শৰ্মা পূজাৰীয়ে ভাষণ দিয়ে৷কলাক্ষেত্ৰ সমাজৰ ভাৰপ্ৰাপ্ত উপ সভাপতি ঋতুৰাজ বৰা,ৰাজহ বিভাগৰ যুটীয়া সচিব পংকজ উপস্থিত থাকে৷