কলাক্ষেত্ৰত ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটা ,অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰদান

কলাক্ষেত্ৰত ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটা ,অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ দ্বাৰা শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটা ,অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰদান কৰা হয় ৷ স্বাস্থ্য, কলা, সংস্কৃতি, ক্রীড়া, বিজ্ঞান, কৃষি, পর্যটন, উদ্যোগ আদি ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাৰে সন্মানিত হয় ২১ গৰাকী অসম সন্তান।মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বঁটা সমূহ প্ৰদান কৰে ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াই ৷ এই অনুষ্ঠানত বিশিষ্ট কেঞ্চাৰ বিশেষজ্ঞ ডাঃ তপন কুমাৰ শইকীয়ালৈ আগবঢ়োৱা হয় এইবৰ্ষৰ ৰাজ্যৰ শ্ৰেষ্ঠ সন্মান অসম বৈভৱ বঁটা। আনহাতে ৰাজ্যৰ দ্বিতীয় সৰ্বোচ্চ সন্মান অসম সৌৰভ বঁটা প্ৰদান কৰা হয় ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয়, ফুটবলাৰ গিলবাৰ্টচন চাংমা, লনবন খেলুৱৈ নয়নমণি শইকীয়া তথা ড:বিনয় কুমাৰ শইকীয়ালৈ। তৃতীয় সৰ্বোচ্চ অসম গৌৰৱ বঁটা দিয়া হয় ডাঃ শশীধৰ ফুকন, ধৃতিমালা ডেকা, দেৱজিত বৰ্মন, ৰুস্তম বসুমতাৰী, মানজে লা, বিনন্দ হাতীবৰুৱা, গ্রুপ কেপ্টেইন অতুল চন্দ্র বৰুৱা, কল্যাণী ৰাজবংশী, চিলা গোৱালা, ড০ যোগেশ দেউৰী, ডাঃ পংকজ লাল গগৈ, সৰ্বেশ্বৰ বসুমতাৰী, মানথাং মাৰ, ড০ ধ্রুৱজ্যোতি শৰ্মা, দয়াল গোস্বামী, ডাঃ চৈয়দ ইফটিকাৰ আহমেদলৈ আগবঢ়োৱা হয়। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত ৰাজ্যৰ কেবিনেট মন্ত্ৰী,বিধায়ক,অসম চৰকাৰৰ মুখ্যসচিব পৱন কুমাৰ বৰঠাকুৰ ,ডিজিপি জি পি সিং সহ ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকে ৷ বঁটা প্ৰদানৰ পাছতে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ।