কলাক্ষেত্ৰত নাগাৰা নামৰ এক সুমধুৰ অনুষ্ঠান

কলাক্ষেত্ৰত নাগাৰা নামৰ এক সুমধুৰ অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা-   শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজে আয়োজন কৰা কলাক্ষেত্ৰ প্ৰাংগণত ২২ সংখ্যক নৱবৰ্ষ মহোৎসৱৰ চতুর্থ দিনাৰ প্ৰথম কাৰ্যসূচীত অসমৰ হেৰাই যাবলৈ ধৰা নাগাৰা নামৰ কৃষ্টিক যাউতিযুগীয়া কৰি ৰখাৰ উদ্দেশ্যে কলাক্ষেত্র সমাজে নাগাৰা নামৰ এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে । অনুষ্ঠানটি পৰিৱেশন কৰে শংকৰ – মাধৱ নাগাৰা নামৰ দল , পাঞ্জাবাৰী , গুৱাহাটীৰ পাঠক সুনীল ৰাজবংশী আৰু তেওঁৰ সংগীবৃন্দই ৷ পুৱা মনোমোহা পৰিৱেশত পৰিৱেশন কৰা ভক্তি ৰসেৰে সমৃদ্ধ নামৰ সুৰ আৰু নাগাৰাৰ ধ্বনিৰে কলাক্ষেত্ৰৰ ৰংঘৰ বাকৰি মুখৰিত কৰি তোলে । সন্ধিয়াৰ ভাগত বিশেষভাৱে সক্ষম শিল্পীসকলৰ দ্বাৰা লোকগীত , আধুনিক গীত আৰু সত্ৰীয়া নৃত্যৰ সমাহাৰেৰে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয় । এই অনুষ্ঠানত অংশগ্ৰহণ কৰা বিশেষভাৱে সক্ষম শিল্পীসকল হ’ল- জয়ন্ত গোস্বামী , অনুধৃতি শ‍ইকীয়া , ৰোহন শৰ্মা , পপী দেৱী , হিৰণ্য শৰ্মা , পুৰবী তালুকদাৰ আৰু সুপ্রিয়া সুধা খাউণ্ড । অনুষ্ঠানটিত বাদ্য সংগত কৰে ক্ৰমে কী – বোর্ড- জন্মি দাস , ঢোলক – মাধৱ শৰ্মা , তবলা- হিতেশ ডেকা , পাৰকাচন – নিকুঞ্জ মেধি , গীটাৰ – বুবুল ডেকা , পেড – অজয় শ‍ইকীয়া আৰু বাঁহী- যোগেন বসুমতাৰীয়ে ।