কলাইগাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক শুক্লেশ্বৰ ডেকাৰ পৰলোকপ্ৰাপ্তি

কলাইগাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক শুক্লেশ্বৰ ডেকাৰ পৰলোকপ্ৰাপ্তি

২৬ আগষ্ট:- ওদালগুৰি !

“””ওদালগুৰি জিলাৰ কলাইগাঁও নিবাসী অৱসৰপ্ৰাপ্ত কৃৰ্তী শিক্ষক শুক্লেশ্বৰ ডেকাৰ বুধবাৰে সন্ধিয়া প্ৰায় ৭-৪৫ বজাত নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে ৷ কলাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰগ্ৰহণ কৰা তথা কলাইগাঁও দুৰ্গত কল্যাণ ন্যাসৰ সদস্য শুক্লেশ্বৰ ডেকাই বিগত কিছুদিন ধৰি মধুমেহ আৰু কিডনীজনিত ৰোগত আক্ৰান্ত হৈ আছিল ৷ ৭২ বছৰ বয়সত মৃত্যু ঘটা শ্ৰীডেকাই মৃত্যুৰ সময়ত পত্নীসহ দুগৰাকী পুত্ৰ-বোৱাৰী, নাতি-নাতিনী, যথেষ্ট সংখ্যক আত্মীয়-স্বজন আৰু গুণমুগ্ধ ৰাইজক ইহসংসাৰত এৰি গৈছে ৷ শিক্ষকতাৰ সমান্তৰালকৈ বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত সামাজিক ব্যক্তিৰূপে সৰবৰহী ব্যক্তি শুক্লেশ্বৰ ডেকাই কলাইগাঁও ৰঙালী বিহু সন্মিলনী, কেন্দুকলাই সাহিত্য সমাজ, অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰী সন্থা আদিৰ নেতৃত্ব বহন কৰি ৰাইজৰ মাজত সমাদৃত হৈছিল ৷ তেখেতৰ মৃত্যুত কলাইগাঁৱৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ উপৰি কেন্দুকলাই সাহিত্য সমাআ, ওদালগুৰি জিলা সাহিত্য সভা, কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থা, কলাইগাঁও আঞ্চলিক জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কলাইগাঁও সাংবাদিক সন্থা আদিয়ে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷

ওদালগুৰিৰ পৰা অমৰজিৎ ৰাভাৰ প্ৰতিবেদন