কলাইগাঁও হিৰাপাৰাত বাথৌ মন্দিৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ

কলাইগাঁও হিৰাপাৰাত বাথৌ মন্দিৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ

অমৰজিৎ ৰাভা,ওদালগুৰি ,ৰঙিলী বাৰ্ত্তাসেৱা-  ভোগৰ উৎসৱ ভোগালী বিহুক আদৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণে প্ৰস্তুতি অব্যাহত ৰাখিছে। সমান্তৰালকৈ ওদালগুৰি জিলা ভেৰগাঁ‌ও মহকুমা অন্তৰ্গত কলাইগাঁ‌ও সমিপৰ হিৰাপাৰা গাঁৱৰ ৰবিন্দ্ৰ বড়ো নামৰ এগৰাকী ব্যক্তিৰ উদ্ভাৱিত আৰ্হিত হিৰাপাৰা যুৱ সংঘই বড়ো সকলৰ বাথৌ ধৰ্মৰ বাথৌ মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰি উলিয়ালে আটকধুনীয়া ভেলাঘৰ। গাঁওখনৰ প্ৰতিটো পৰিয়ালে দান কৰা বাঁ‌হ , ধান খেৰ, তামোল গছ, ইত্যাদি সামগ্ৰিৰে প্ৰায় মাহ জোৰা শ্ৰমদানৰে হিৰাপাৰা যুৱ সংঘই নিৰ্মাণ কৰি উলিওৱা আটকধুনীয়া ভেলাঘৰটোত উৰুকা নিশা হিৰাপাৰা গাঁ‌ওবাসীয়ে সবাই মেলি এখাজ একেলগে খোৱাৰ সপোন ৰুছিছে। যুৱ সংঘৰ কৰ্মকৰ্তা সকলে জনোৱা অনুসৰি হিৰাপাৰা গাঁ‌ৱত প্ৰতিবছৰে কম বেছি পৰিমাণে এনেদৰে ভোগালী বিহু সমূহীয়া ভাৱে উদযাপন কৰিছে। আৰু এনেধৰণৰ সামূহীয়া অনুষ্ঠানৰ দাৰাই গাঁওখনত মিলা-প্ৰীতি আৰু ভাতৃত্ববোধ অটুত ৰাখি একেলগে আগুৱাই যোৱাত অৰিহণা যোগাই আহিছে। যাৰ পৰিপেক্ষিতত এইবেলি হিৰাপাৰা যুৱ সংঘৰ উদ্যোগত হিৰাপাৰা গাঁও বাসীয়ে সমূহীয়া ভাৱে উৰুকা নিশা এখাজ খোৱাৰ লগতে পিছদিনা পুৱাৰে পৰা গাঁৱৰ লৰা,ছোৱালী, কণ কণ শিশু সকলৰ মাজত খেল ধেমালী নাচ, গানৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি এইবেলি ভোগালী বিহু উদযাপন কৰিবলৈ প্ৰস্তুতি তোংগত হৈ উঠিছে।