ক’ভিড সৃষ্ট জটিল পৰিস্থিতিৰ মাজতেই অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে  নলবাৰী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী

pc-sahil

বাৰ্ত্তাসেৱাা-  ক’ভিড সৃষ্ট জটিল পৰিস্থিতিৰ মাজতেই অত্যাৱশ্যকীয় সামগ্ৰী, খাৰুৱা তেল, গৃহনিৰ্মানৰ সামগ্ৰী, ঔষধৰ অত্যাধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,নলবাৰী জিলা সমিতিয়ে আজি নলবাৰী হাটখোলা বজাৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। যুৱ-ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি পাৰ্থপ্ৰতীম শৰ্মা আৰু ভাৰপ্ৰাপ্ত সাঃসম্পাদক প্ৰাঞ্জল কলিতাৰ নেতৃত্বত দিনৰ ১২ বজাত ৰূপায়িত প্ৰতিবাদী কাৰ্যসূচীত নৰেন্দ্ৰ মোদী হায় হায়, যোগান বিভাগ মুৰ্দাবাদ, ৰন্ধন গেছৰ দাম নিয়ন্ত্ৰণ কৰক, পেট্ৰল-ডিজেলৰ মূল্য হ্ৰাস কৰক, যুৱ-ছাত্ৰ পৰিষদ জিন্দাবাদ আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক মৃণাল কুমাৰ বৰ্মন, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নগেন শালৈ, জিলা সমিতিৰ উপদেষ্টা মনোৰাম কলিতা, নিৰোদ দাস, উপ সভাপতি আচিক আহমেদ, সঞ্জয় কলিতা, চফিকুৰ ৰহমান, যুটীয়া সম্পাদক চিত্তৰঞ্জন তালুকদাৰৰ উপস্থিতত ৰূপায়িত উক্ত কাৰ্যসূচীত প্ৰায় অৰ্দ্ধ শতাধিক কাৰ্যকৰ্তাই ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। উল্লেখযোগ্য যে- ক’ভিডসৃষ্ট পৰিবেশে ৰাইজৰ জীৱন-জীৱিকালৈ প্ৰচণ্ড ভাবুকি কঢ়িয়াই অনাৰ মূহুৰ্তত বজাৰত প্ৰায় সকলো সামগ্ৰীৰ আকাশলংঘী দাম বৃদ্ধিয়ে সাধাৰণ জনতাক মাধমাৰ সোধাইছে । অতিশীঘ্ৰে বজাৰৰ সামগ্ৰীৰ জুই যোগান বিভাগে প্ৰশমনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে ইয়াৰ বিৰুদ্ধে জংগী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি তীব্ৰ সকিয়নী দিয়ে সংগঠনটোৱে। by sahil mallick