ক’ভিড ভেকচিন হ’ল সুৰক্ষা কৱচঃ স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত

Pc- the sentinel assam

ক’ভিড ভেকচিন হ’ল সুৰক্ষা কৱচঃ স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ১০ আগষ্টৰ পৰা ১০ নৱেম্বৰলৈ ক’ভিডত ৬৩১ গৰাকী লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱা এইসকল লোকৰ ৪৫১ গৰাকীয়েই লোৱা নাছিল প্রতিষেধক।এইসকলৰ ভিতৰত ১৮০গৰাকীয়ে ক’ভিড ভেকচিন লৈছিল যদিও কʼভিডত আক্ৰান্ত হৈ মৃত্যু সাবটি লয়। ৰাজ্যত কভিড প্রতিষেধক প্ৰদানৰ বাবে স্বাস্থ্য বিভাগে মেগা টিকাকৰণ আৰম্ভ কৰাৰ সময়তে এই উদ্বেগজনক খবৰে স্বাভাৱিকতে ৰাজ্যবাসীক শংকিত কৰি তোলাই নহয়, ক’ভিড ভেকচিন নোলোৱাসকলকো এই তথ্যই চিন্তিত কৰি তুলিছে।স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা তিনি মাহত যি ১৮০গৰাকীয়ে ভেকচিন লোৱা ব্যক্তিৰ মৃত্যু  হৈছে সেইসকলৰ ৮৯গৰাকীয়ে প্রথম পালি আৰু ৯১গৰাকীয়ে দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰিছিল। মৃত্যু হোৱাসকলৰ ৯০ শতাংশই আছিল বয়সস্থ আৰু বিভিন্ন জটিল ৰোগত আক্ৰান্ত হৈ থকা লোক। স্বাস্থ্যমন্ত্রী মহন্তই এই সন্দৰ্ভত কয়- ক’ভিড ভেকচিন হ’ল সুৰক্ষা কৱচ। সেয়েহে এই সুৰক্ষা কবচ সকলোৱে গ্ৰহণ কৰা উচিত। ভেকচিন গ্ৰহণ কৰিলে কʼভিডত জটিলভাৱে আক্রান্ত হোৱাৰ পৰা ৰক্ষা পৰিব পাৰি। সেয়েহে স্বাস্থ্য বিভাগে ক’ভিড ভেকচিন সকলোৱে লোৱাৰ বাবে সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে।