কবি হীৰেন ভট্টাচাৰ্যঃ বন্দিতা শৰ্মা কন্দলী, দেৰগাঁও ( আজি ২৮ জুলাই তেওঁৰ জন্মদিন উপলক্ষে)

pc-printrest

কবি হীৰেন ভট্টাচাৰ্য
(২৮ জুলাই জন্মদিন উপলক্ষে)
অসমীয়া সাহিত্যৰ কাব্য জগতত সুগন্ধি বিলাই যোৱা মানু্হ জনে কবিতাৰেই দি গৈছে নিজৰ পৰিচয়:
‘কামিজৰ সিয়নিত দুখ,দুখৰ স্তুতি/মোৰ গাত হাত থʼলেই পাবা হীৰেন নামৰ কবি/পদচাৰী নদীৰ সোঁতত উতলা দুখৰ অনুভূতিʼ।
১৯৩২ চনৰ‌ ২৮ জুলাইত যোৰহাট ত জন্ম গ্ৰহণ কৰা এই জনা খ্যাতিসম্পন্ন কবিৰ বহুতো কবিতাৰ পংক্তি য়ে অসমীয়া কাব্যপ্ৰেমী লোকৰ মনোজগতত অনুৰনণ সৃষ্টি কৰি আহিছে। জীৱনৰ ত্ৰিশতা বসন্ত গৰকি ১৯৬২ চনত তেওঁ ৰ কাপ – মৈলামেৰে নিগৰিছিল গভীৰ দেশাত্মক ভাবাৰ্থৰ কবিতা ʼমোৰ দেশʼ:
ʼ মোৰ প্ৰাণৰো প্ৰাণৰ মোৰ গানৰো গানৰ, মোৰ দেশ/মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে/শইচ সোনোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আঁহে আঁহে/মোৰ যৌৱনৰ কোঁহে কোঁহে সপোনৰ কলৰোল।ʼ
ʼ হীৰুদাই ʼমোৰ দেশʼ কবিতা টো লিখাৰ পাছত অন্য কবিতা নিলিখিলেও অসমীয়া কবিতা জগতত তেওঁ ʼমোৰ দেশʼ ৰেই কবি হিচাপে চিৰজ্যোতিষ্মান হৈ ৰʼব।ʼ(ড:বসন্ত কুমাৰ ভট্টাচাৰ্য)
ʼʼ এই কবিৰ আৰু একো নাই/এটাই মাথোঁ কামিজ/তাৰো ছিগো ছিগো চিলাই/প্ৰেম নিশ্চয় এনেকুৱাই/আৱৰণ খুলি হৃদয় জুৰাই ʼʼ। এনেদৰে ই স্বভাৱ কবি ৰূপে পৰিচিত হীৰেন ভট্টাচাৰ্যৰ ভাৱ ভাষা, হৃদয় স্পৰ্শ কৰা চিত্ৰকল্প,সহজ- সৰল প্ৰতীক,সূক্ষ্ম চিন্তা, শব্দৰ শিল্প ই পাঠকক অনন্য ৰসেৰে সুখানুভুতি প্ৰদান কৰি আহিছে।
ʼʼ। সমাজ কবিৰ পাঠশালা, জীৱন যাৰ প্ৰধান শিক্ষকʼʼ।অসম সাহিত্য সভাৰ দ্বিপঞ্চাশতম অধিৱেশন উপলক্ষে আয়োজিত কবি সন্মিলন ৰ সভাপতি আসনৰ পৰা কবি গৰাকীয়ে আৰু কয়ʼʼ কবিতা শব্দৰে নিৰ্মিত ভাষাৰ শিল্প, ভাবে নিজৰ প্ৰয়োজনতেই নিজৰ বিকাশৰ তাড়নাতেই নিৰ্মাণ কৰে শব্দ। শব্দ কবিৰ অস্ত্ৰ ʼʼ।২০০১চনত অসম উপত্যকা বঁটা গ্ৰহণ কৰি দিয়া ভাষণত কৈছিল যে কবিতাই তেওঁৰ জীৱন আৰু জীৱিকা। তেওঁৰ দৃষ্টিত কবিতাৰ বাহিৰে কবিৰ চিনাকি নাই; আনকি কবিগৰাকীৰ জীৱন পঞ্জীও পঢ়ুৱৈৰ বাবে অৰ্থহীন বুলি তেওঁৰ দৃঢ় ধাৰণা।
কবি, গীতিকাৰ, চিত্ৰশিল্পী, সাহিত্যিক হীৰেন ভট্টাচাৰ্য সাধাৰণ ভাবে থকা অসাধাৰণ নিৰহংকাৰী, ৰসিক ব্যক্তি। কবিতাৰ পাঠ অন্তৰেৰে ভাল পোৱা কবি গৰাকীৰ মতে ʼপাঠেই কবিতাৰ জীৱন। শব্দৰ শিল্প কবিতা ছপাৰ আখৰতেই আবদ্ধ নহয়।ইযে কণ্ঠৰো শিল্প।ʼ ʼ কবিৰ পাঠে বৰ্ণক উন্মোচন কৰে শব্দ লৈ,শব্দক ধ্বনি লৈ আৰু ধ্বনি ৰ অনুৰণনে কবিতাক লৈ যায় জীৱনৰ বোধি-মূল্যলৈʼʼ। শব্দৰ ধ্বনিমাধুৰ্য ই তেখেতৰ কবিতা সমুহক অনন্য আৰু একক কৰি তুলিছে।ʼসৃজনশীল পাঠে সাহিত্যৰ নতুন বাট মুকলি কৰে ʼ বুলি কোৱা কবি গৰাকীয়ে সেয়ে হয়তো নিজৰ কবিতা ৰ পাঠেৰে কবিতাৰ অডিঅ’ কেছেটো উলিয়াইছিল। কবিতা আৰু গীতৰ মাজত একাত্মতা বিচাৰি পোৱা কবি জনৰ স্বৰচিত গীত সমুহ ১৯৬৯ চনৰ পৰাই আকাশবাণীয়ে পৰিবেশন কৰি আহিছে।
শব্দ শিল্প আৰু চিত্ৰশিল্পৰ সম্বন্ধ যে ইষ্টান্তিক সেই বিষয়ে কবিৰ ধাৰণা যে স্বীয় তাক কবিৰ নিজ হাতৰ ৰং তুলিকা আৰু কলাজেৰে তেওঁৰ কবিতা সংকলনৰ বেটুপাত আৰু ভিতৰৰ পৃষ্ঠাৰ ছবি সমুহেই ফুটাই তুলিছে। কোৱা শুনিছোঁ কবি সকলৰ চিন্তা হেনো সাধাৰণ মানুহতকৈ সুকীয়া।”খোজকাঢ়ি যোৱা মানুহৰ গাত ব্লেক নাথাকে। তেওঁৰ ভুল হ’ব পাৰে! সেয়ে দায়িত্ব বেছি গাড়ী বা স্কুটাৰ চলোৱা জনৰ। কোম্পানীয়ে চলাবলৈ ব্ৰেক এডালো দিছে।” এনেদৰে ব্যাখ্যা কৰা কবি জনে এজন বিশেষ ব্যক্তিয়ে কৰা প্ৰশ্ন ”আপুনি বাহিৰা কিতাপ পঢ়েনে?” ৰ উত্তৰত কৈছিল ”কিতাপ পঢ়ো! কিন্তু বাহিৰা কিতাপ নপঢ়ো। মই জনাত কিতাপৰ বাহিৰা- ভিতৰুৱা নাই। কিতাপ-কিতাপেই”।
প্ৰকৃতি, মানুহ আৰু শস্যৰ সম্ভাৱনাক লৈ লিখি থৈ যোৱা ৰৌদ্ৰ কামনা (১৯৬৮) মোৰ দেশ মোৰ প্ৰেমৰ কবিতা (১৯৭২) বিভিন্ন দিনৰ কবিতা (১৯৭৪) কবিতাৰ ৰ’দ (১৯৭৬) তোমাৰ গান (১৯৭৬) সুগন্ধি পখিলা (১৯৮১) শইচৰ পথাৰ মানুহ (১৯৯১) মোৰ প্ৰিয় বৰ্ণমালা (১৯৯৫) ভাল পোৱাৰ বোকামাটি (১৯৯৬) ভাল পোৱাৰ দিক্ চৌ বাট (২০০০) সুগন্ধি শিপা (২০০৬) কবিতাৰ ডাল পাত (২০০৮) শিপাৰ পৰা পাতলৈকে (২০০৯) হীৰেন ভট্টাচাৰ্যৰ কবিতা (২০১১) কাব্য সংকলনেৰে তেওঁ অসমীয়া কাব্য সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰি থৈ গৈছে। ল’ৰা ধেমালি (১৯৯১) আকৌ ধেমালি (১৯৯১) ৰৈ ৰৈ ধেমালি (২০০৮) শিশুৰ বাবে দি থৈ যোৱা উপহাৰ। নিজস্ব শৈলীৰে সমৃদ্ধ যুগজয়ী শব্দ শিল্প ৰ কাৰিকৰ জনৰ প্ৰশ্ন ”কাৰ কাৰণে কবিতা,সূৰ্যৰ শুদ্ধতা?”( মোৰ আৰু পৃথিৱীৰ)।
বন্দিতা শৰ্মা কন্দলী। দেৰগাঁও।
ফোন ৮০১১৮৫০১৭২