কবি- সাহিত্যিক দেৱৰাজ কলিতাৰ মৃত্যু

কবি- সাহিত্যিক দেৱৰাজ কলিতাৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  হেঙেৰাবাৰী  নিবাসী কবি-সাহিত্যিক , অসম চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ অৱসৰপ্ৰাপ্ত পৰিসংখ্যা বিষয়া দেৱৰাজ কলিতাৰ দিনৰ প্ৰায় ১২ বজাত হঠাৎ অসুস্থ হৈ নিজ বাসভৱনত মৃত্যু।  মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৪ বছৰ। ১ মাৰ্চ  ১৯৪৮ চনত তেওঁৰ জন্ম হৈছিল কামৰূপ জিলাৰ হাজো জিলাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তেতেলীয়া গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল ৰাজু কলিতা আৰু মাতৃৰ নাম আছিল পদ্মা কলিতা।  ১৯৯৬ চনৰ পৰা তেওঁ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈয়ো  অসমৰ বিভিন্ন সাহিত্য অনুষ্ঠানৰ লগত জড়িত হৈ আছিল। তাৰ ভিতৰত অসম সাহিত্য সভা, গুৱাহাটী মহানগৰ কবি কানন, সদৌ অসম কবি চক্ৰ, উত্তৰ পুৰুষৰ মঞ্চ, অসম , সন্মিলিত  সাহিত্য-সংস্কৃতিৰ মঞ্চ সৃষ্টি, অসম কাব্য কানন,  সহযোগী কবি মঞ্চ,  সাহিত্য সংস্কৃতিৰ বৃহত্তৰ মঞ্চ,  গুৱাহাটী কবি চক্ৰ আদি অন্যতম। তেওঁৰ বিভিন্ন বিষয়ৰ পৰা ষোল্লখন গ্ৰন্থ প্ৰকাশ পাইছে।তেওঁ অসমৰ বিভিন্ন সভা-সমিতিত শাৰিৰীক অসুস্থতাৰ সত্বেও প্ৰায়ে অংশগ্ৰহণ কৰিছিল৷ তেওঁৰ মৃত্যুত গুৱাহাটী মহানগৰ কবি কাননৰ সভাপতি কমলজিৎ কলিতা, কাৰ্যকৰী সভাপতি সুৰেন্দ্ৰ মোহন দাস, সম্পাদক উত্তম কুমাৰ দত্ত, কাব্যশ্ৰী বৰপাত্ৰ, বিশিষ্ট সমালোচক বিপুল শৰ্মা,  সদৌ অসম কবি চক্ৰৰ সভাপতি অনুপ কুমাৰ তালুকদাৰ, প্ৰধান সম্পাদক বিতুমনি গোস্বামী, স্বৰ্গজ্যোতি চেতিয়া,   প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তিয়ে তেওঁৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মৃত্যুৰ সময়ত পুত্ৰ সিদ্ধাৰ্থ কলিতা , বোৱাৰী বৰ্ণালী বৰা কলিতা , জীয়ৰী জুৰি কলিতা , নাতি কৌস্তভ কলিতা আৰু নাতিনী ধৃতি কলিতাকে ধৰি বহুতো আত্মীয় স্বজন আৰু বহু গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়। সন্ধিয়া নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।