কবি ‘অনুভৱ তুলসী’ৰ কবিতা উদ্‌যাপন

কবি ‘অনুভৱ তুলসী’ৰ কবিতা উদ্‌যাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  অভিনিৱেশৰ উদ্যোগত কবি অংকুৰ ৰঞ্জন ফুকনৰ আহ্বানত  গুৱাহাটী প্ৰেছ ক্লাবত বিশিষ্ট কবি অনুভৱ তুলসীৰ জন্ম দিন উপলক্ষে ‘দোৰোণ ফুলৰ দিন’ শীৰ্ষক কবিতা উদ্‌যাপন কৰা হয়৷অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° বিভাস চৌধুৰী ভাষণত কয়- কবি এজন চিনি পাবলৈ হ’লে কবিতাৰ মাজেৰে চিনি পাব লাগিব৷যিটো কবিতাত ধাৰণাৰ উৎস পোৱা যায় সেইটো কবিতা সাৰ্থক হয়৷অনুষ্ঠানত প্ৰাক্তন অধ্যাপক ড° গৰিমা কলিতাই ভাষণত কয়- কবিতাৰ ওপৰত কথা কোৱাটো টান৷অনুভৱ তুলসীৰ কবিতাৰ ওপৰত যিধৰণে আলোচনা হ’ব লাগিছিল সেই ধৰণে হোৱা নাই৷অনুষ্ঠানত বিশিষ্ট কবি এম কামালুদ্দিন আহমেদ,চতচ্চিত্ৰ সমালোচক মনোজ বৰপূজাৰী,বিশিষ্ট কবি অনুভৱ তুলসী,কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক লুটফা হানুম চেলিমা বেগমে কবিতা সন্দৰ্ভত বিভিন্ন দিশ ব্যাখ্যা কৰে৷কবি কুশল দত্ত,মৈত্ৰয়ী পাটৰ আদি কেইবাজনো কবিয়ে অনুভৱ তুলসীৰ কবিতা পাঠ কৰে৷বেবী ভূঞাই গোৱালপৰীয়া লোকগীত পৰিৱেশন কৰে৷