কবিতাৰ আঁৰৰ কথাবোৰ — অংশুমান বাৎস, দ্বাদশ শ্ৰেণী

কবিতাৰ আঁৰৰ কথাবোৰ
————————————

হ’ব পাৰো বাসিন্দা এখন
‘Super practical’ পৃথিৱীৰ,
আমি কিন্তু হৃদয়ৰ কথা হে শুনো
কাৰোবাৰ বাবে যদি ‘mental’,
আন কাৰোবাৰ বাবে
নিজৰেই পৃথিৱীত মচগুল ।
নাজানিম কাৰ বাবে আমাৰ কি পৰিচয়….
মুঠতে নানা মুনিৰ নানা মত,
কেতিয়াবা ভুলতে ভাৱি চালেও,
নিজেই খাওঁ থতমত ।
মনটোক অলপ দূৰত ৰাখিছোঁ,
মনটোৰ কামেই বা কি ?
কেতিয়াবা যদি সুখেৰে আকাশত নচুৱাই,
আকৌ কেতিয়াবা ব্যৰ্থতাৰ আন্ধাৰেৰে
অন্ধ কৰি তোলে নিজকেই ।
কথাবোৰ ক’ব বিচাৰিও,
বুজাব নোৱাৰোঁ কোনোদিনে ।
নিতৌ মনৰ মাজতেই হোৱা
আধা লিখা কবিতাৰ সৃষ্টি,
যেন কোনো অসাধাৰণ ঘটনা নহয় ।
বাৰু কোনো কথা নাই ।
অইন একো নহ’লেও,অন্তত:
কবিতা এটাই প্ৰাণ পাই উঠিব।
কবিতা ভালপোৱা মানুহজনক
বাৰু, আন লাগেই বা কি ?
পিছে দুখবোৰ ??
কবিতা লিখিবলৈ গৈ নিজক কৰা
প্ৰশ্ন বোৰেই অজানিতে হয়টো
কবিক পঙ্গুও কৰি তোলে,
পিছে কোনো কথা নাই ।
ভাৱবোৰক গোপনাই ৰখাটোও
জানো সম্ভৱ ??

~~অংশুমান বাৎস
দ্বাদশ শ্ৰেণী
ফোন নম্বৰ: 7099482197