কথাৰ আঁৰৰ কথা-লনী হাজৰিকা,উৰিয়াগাঁও , নগাঁও, অসম 

কথাৰ আঁৰৰ কথা
————————–
সদায় লগ দিয়াৰ কথা আছিল তেওঁ।
কথা আছিল এজাৰ ৰঙী সাজেৰে তাইক শুৱাই পেলোৱাৰ।
বৰ্ষামুখৰ আবেলি এটাত
তাইৰ হাতৰ এপিয়লা চাহ খোৱাৰ কথা আছিল।
কথা আছিল তাইক এটি গান শুনোৱাৰ ।
আৰু বহু কিবা কিবি কথা আছিল…
তাইৰ চকুযুৰিৰ কথা
তাৰ হাঁহিৰ কথা
আৰু…..
আজীৱন যিখন হাতেৰে আৱৰি ৰখাৰ কথা দিছিল
সেইখন হাততেই ফুল এপাহ শেষবাৰৰ বাবে তাই গুজি দিছিল।
এটা গান আধৰুৱা হৈ থাকি গৈছিল
ভালপোৱাৰ গান..সিহঁতৰ গান
অক্সিজেনৰ অভাৱত যি গান বুকুৰ পৰা দুটি ওঁঠলৈ বাগৰিব পৰা নাছিল।
উশাহবোৰ দীঘল হৈছিল।
আৰু জীৱনটো ছুটি…..
চিৰদিন লগ দিয়াৰ কথা হোৱাৰ পাছতো প্ৰিয়জনৰ হাত তাইৰ দুহাতত তুলি লব পৰা নাছিল।
মানুহ ভালপোৱা মানুহজন হেৰাই গৈছিল।
কিন্তু সেইদিনা মানুহবোৰ তাৰ ওচৰ চাপিবও পৰা নাছিল।
কথা দিছিল তেওঁ ঘূৰি অহাৰ।
ঘূৰি আহি এমুঠি জোনাক সিঁচি দিয়াৰ।
কিন্তু,সেই জোনাক জাকৰ আঁৰৰ সাধু হোৱাৰ কথা তেওঁ দিয়া নাছিল।
হওঁক এই কঠিন সময়ৰ
আবেলিৰ এটি প্ৰাৰ্থনা হৈয়ে ৰওক তেওঁ।
এটি সুৰ হওক সুমধুৰ।
এটি পদ্য হওঁক, সুখৰ পদ্য।
ভালপোৱাৰ এটি গান হৈ বুকুত ৰৈ যাওঁক তেওঁ।
বেলি লহিওৱাৰ পৰত
জীৱনৰ ইটো মূৰত লগ হৈ
পুনৰ কথা হম আমি…
ভালপোৱাৰ, ভাললগাৰ।
(ক’ভিডত আমি সকলোৱে কাৰোবাক নহয় কাৰোবাক হেৰুৱাইছোঁ… সময় আৰু মনবোৰ সুস্থ হওঁক তাৰে কামনাৰে প্ৰিয়জনক হেৰুৱা প্ৰত্যেকজন আত্মীয়ৰ হাতত)
লনী হাজৰিকা
ঠিকনা: উৰিয়াগাঁও ( নগাঁও, অসম