কণমইনাৰ প্ৰাৰ্থনা – মাধুৰী শৰ্মা সভাপণ্ডিত

কণমইনাৰ প্ৰাৰ্থনা

-মাধুৰী শৰ্মা সভাপণ্ডিত

শ্ৰমৰ বোজা পিঠিত লৈ
গলিটোত সৰি আছে
আজিও কণমইনাৰ হুমুনিয়াহ।
অঘৰী বাটটোত
পাকঘূৰণি খাই
সূতা ছিগা চিলাৰ দৰে
আজিও তাৰ সপোন থানবান
আই-পিতাই নোহোৱাৰে পৰা
যাতনাৰ ভাৰ বৈ
এলান্ধুকলীয়া দুভৰিত
বঞ্চনাৰ এটি এটি বাট।
কোনো আঁচনিয়ে তাক
দিব নোৱাৰিলে
এধানি সুখৰ সংবাদ।
পঢ়াশালিৰ দুৱাৰদলিত
উৰি থকা পোহৰ জুমি চাই
বুকুত উঠে উচুপনি।
ল’ৰালি বিৰ্সজি সি
তাহানিতে পিঠিত চাব মাৰি লৈছিল
এটি নাম’বন কৰা ল’ৰা’।
শূন্য জীৱন-কেৱল হতাশা
পূৰ্ণিমাৰ জোন জ্বলা ৰাতি
আজিও মনত পৰে
গাঁওৰ গধূলি।
ভাওনাৰ বচন আওৰাই থাকোতেই
নাট-পাঠশালা সকলো এৰি
পিতাকৰ ঔষধ-আয়েকৰ মুখত ভাত দিবলৈ
গুচি আহিছিল-আপোন ঘৰ এৰি।
নতুন সাজ পিন্ধা সমনীয়াৰ উথপথপ দেখি
আজি তাৰ বুকুত নাই অগনি।
শিল বান্ধি আকাশলে চাই
মাথো কৰিছে মিনতি-
দিয়া-দিয়া সকলো শিশুক শকতি।
মমতা আৰু শান্তি।