কটাহবাৰী আৰু মালিগাঁৱৰ ড্ৰাগছৰ ব্যৱসায়ে দহিছে গুৱাহাটী মহানগৰীক

pc State department

অনলাইন বাৰ্ত্তাসেৱা – ড্ৰাগছৰ বিৰুদ্ধে চলি থকা অভিযানত আৰক্ষীয়ে দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্বাষম হয়। তেওঁলোক কটাহবাৰীৰ বিপিন বণিক আৰু চফিক আহমেদ বুলি জানিব পৰা গৈছে। ধৃত সৰবৰাহকাৰীকেইটাৰ পৰা আৰক্ষীয়ে ১৬ টা ড্ৰাগছ‌ভৰ্তি কন্টেইনাৰ আৰু কিছু নগদ ধন জব্দ কৰে। দুয়োৰে বিৰুদ্ধে গড়চুক থানাত ৩৬৪/২০২১ নম্বৰৰ এক গোচৰ ৰুজু কৰে।

ইয়াৰোপৰি, মালিগাঁৱতো অব্যাহত ড্ৰাগছবিৰোধী অভিযানৰ অন্তত মালিগাঁৱৰ বিজি কলনীত চলা অভিযানত আৰক্ষীয়ে কৰায়ক্ত কৰিবলৈ সক্ষম হয় এজন ড্ৰাগছ আসক্ত যুৱকক। যুৱকজনৰ নাম দীক্ষিত মহন্ত বুলি জানিব পৰা গৈছে। যুৱকজনৰ পৰা আৰক্ষীয়ে কিছু  ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। যুৱকজনে পাণ্ডুৰ এজন ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ড্ৰাগছ ক্ৰয় কৰিছিল। সৰবৰাহকাৰীজনক এতিয়াও আৰক্ষীয়ে আটক কৰিব পৰা নাই। সৰবৰাহকাৰীটোক আটক কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।