কটন বিশ্ববিদ্যালয়ত ‘আকাশ চুবলৈ মন’ অনুষ্ঠান

কটন বিশ্ববিদ্যালয়ত ‘আকাশ চুবলৈ মন’ অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা-  ‘মানুহে মানুহৰ বাবে যদিহে অকণো  নাভাবে/অকণো সহানুভূতিৰে ভাবিক কোনেনো কোৱা’- বিশ্ববৰেণ্য ড° ভূপেন হাজৰিকাৰ এই কথাকেই সৰোগত কৰি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ প্ৰত্যক্ষ প্ৰচেষ্টাত আজি এক আশাৰ খবৰৰ সাক্ষী হ’ল কটন বিশ্ববিদ্যালয়। কিয়নো সৰুতেই দূৰ্ঘটনাত ভৰি এখন হেৰুৱাই এক কষ্টসাধ্য জীৱনৰ পথত খোজ দিয়া সঞ্জয় বড়ো কটন বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰগৰাকীৰ বাবে এখন কৃত্ৰিম ভৰি সংৰোপনৰ ব্যৱস্থা সফলভাৱে সম্পন্ন হয়। এই উপলক্ষে কটন বিশ্ববিদ্যালয়ৰ আছু গোটৰ উদ্যোগত আয়োজিত হয় ‘আকাশ চুবলৈ মন’ শীৰ্ষক এক মননশীল অনুষ্ঠান। কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° দিগন্ত কুমাৰ দাসে উদ্বোধনী ভাষণ আগবঢ়োৱা অনুষ্ঠানটোৰ আৰম্ভণিতে এক তথ্যচিত্ৰ প্ৰদৰ্শন ক’ৰা হয়। তথ্যচিত্ৰখনিৰ জৰিয়তে মেধাৱী ছাত্ৰ সঞ্জয় বড়োৱে জীৱনৰ কঠিনতা স্বত্বেও আগবাঢ়ি যোৱাৰ মানসিক দৃঢ়তাক প্ৰদৰ্শন কৰাৰ লগতে ছাত্ৰ গৰাকীৰ বাবে এখন কৃত্ৰিম ভৰি সংৰোপনৰ সমগ্ৰ পৰিক্ৰমা দাঙি ধৰা হয়। ইয়াৰ পাছতেই অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলক আদৰণি জনোৱা হয়। অনুষ্ঠানটিৰ মধ্যমণি মেধাৱী কটনিয়ান সঞ্জয় বড়োক এক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে উদ্যোক্তাসকলে।অনুষ্ঠানটিত উপস্থিত থাকি সঞ্জয় বড়োৰ ভাতৃ অজয় বড়োয়ে আছুৰ মুখ্য উপদেষ্টা ড° ভট্টাচাৰ্য আৰু কটন বিশ্ববিদ্যালয় আছু গোটৰ প্ৰচেষ্টাৰ শলাগ লয়। অনুষ্ঠানত নিজৰ মত প্ৰকাশ কৰি সঞ্জয় বড়োৱে নিজৰ জীৱনৰ জটিলতা আৰু কটন বিশ্ববিদ্যালয়ত লাভ কৰা বন্ধুত্ব আৰু সহযোগিতাৰ অনন্য অভিজ্ঞতা ব্যক্ত কৰে। ভাষণ প্ৰসংগত ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় – ‘সঞ্জয় বড়োৰ বাবে কটনিয়ানসকলে যি পদক্ষেপ গ্ৰহণ কৰিলে সেইয়া সঁ‌চাকৈ প্ৰশংসনীয়। কটন বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰাই আজি এই কথা আমি সমগ্ৰ অসমক ক’ব খোজো যে কোনো ছাত্ৰ-ছাত্ৰীয়ে অসুবিধাত পৰি বিষাদগ্ৰস্ত হ’ব নালাগে। ভৱিষ্যত দিনত নিজৰ সতীৰ্থসকলক সহায় কৰিবলৈ অসমৰ প্ৰত্যেকখন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী ওলাই আহিব। কটনিয়ানৰ মানৱতাৰ এই আন্দোলন সমগ্ৰ অসমতে বিয়পি পৰক।’ অনুষ্ঠানত ’আমাৰ অসম’ৰ ডেপুটি এডিটৰ গৌতম শৰ্মাই ভাষণত কয় ‘মানুহে মাটিত ভৰি থৈ আকাশ চোৱাৰ সপোন পুহি ৰাখিব লাগে। কটনৰ পৰা তেনে এক আন্দোলনৰ আৰম্ভণি হৈছে। এই পদক্ষেপৰ বাবে কটনিয়ানসকল, সদৌ অসম ছাত্ৰ সন্থা ধন্যবাদৰ পাত্ৰ।’উল্লেখ্য যে, প্ৰায় ১২ বছৰ পূৰ্বে ঠেলা লৈ কামলৈ ওলাই যাওঁতে এটা দূৰ্ঘটনাত পতিত হৈছিল বিজনীৰ কণমানি সঞ্জয় বড়ো। দূৰ্ঘটনাত সঞ্জয় বড়োৰ ভৰি এখন ভাগি গৈছিল। কিন্তু সৰুতেই পিতৃহাৰা হোৱা সঞ্জয় বড়োৰ আৰ্থিকভাৱে অতি পিছপৰা পৰিয়ালটোৰ বাবে গুৱাহাটীলৈ আহি চিকিৎসা কৰোৱাটো সম্ভৱপৰ নাছিল। যাৰ বাবে স্থানীয় কবিৰাজৰ জৰিয়তেই বড়োৰ চিকিৎসা কৰোৱা হৈছিল। যাৰ ফলত ভগা ভৰিখনৰ সংক্ৰমণ হৈ পৰৱৰ্তীসময়ত ভৰিখন হেৰুৱাবলগীয়া হৈছিল মেধাৱী ছাত্ৰজনে। ইয়াৰ পাছতো হাৰ নমনা ছাত্ৰজনে চলাই গৈছিল জীৱনৰ কঠোৰ সংগ্ৰাম। কঠিনতাৰ মাজেৰেই সঞ্জয়ে বিজনী কলেজৰ পৰা দৰ্শন বিভাগত স্নাতক আৰু কটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।কটন বিশ্ববিদ্যালয়ত সঞ্জয় বড়োৱে নামভৰ্তি কৰাৰ পাছতেই তেওঁৰ সতীৰ্থ কটনিয়ান আৰু ৰজনীকান্ত বৰদলৈ ছাত্ৰাৱাসৰ আৱাসীসকলে তেওঁৰ বাবে এখন কৃত্ৰিম ভৰি সংৰোপনৰ ব্যৱস্থা কৰাৰ সপোন দেখিছিল। কটন বিশ্ববিদ্যালয় আছু গোটৰ উদ্যোগত উত্তৰ পূৱ ছাত্ৰ সংগঠনৰ উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ প্ৰচেষ্টাত আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থা, প্ৰাক্তন ছাত্ৰ নেতা হৃষীকেশ বৰঠাকুৰকে আদি কৰি বিভিন্ন জনৰ সহযোগিতাত এইয়া সম্ভৱ হৈ উঠে। চলিত বৰ্ষত প্ৰায় তিনি লাখ আশী হাজাৰ টকা ব্যয় সাপেক্ষে সঞ্জয় বড়োক এখন উন্নত প্ৰযুক্তি সম্পন্ন কৃত্ৰিম ভৰি সংৰোপনৰ ব্যৱস্থা কৰা হয়। যাৰ সহায়ত ভৱিষ্যত দিনত বড়োৱে অধিক সক্ৰিয়তাৰে কাম কৰি যোৱাত সফল হ’ব। অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক ড° সঞ্জয় কুমাৰ দত্ত, কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড° প্ৰশান্ত শৰ্মা, অধ্যাপিকা ড° ফুনু দাস, কটন কলেজ এলামনাই এছ’চিয়েনৰ সাধাৰণ সম্পাদক জগদীশ দত্ত, সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আনোৱাৰ হুচেইন, সাধাৰণ সম্পাদক নয়নজ্যোতি দাস, আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰাইফুদ্দিন আহমেদ,  প্ৰাক্তন ছাত্ৰ নেতা তথা যুৱ উদ্যোমী হৃষীকেশ বৰঠাকুৰ, কটন বিশ্ববিদ্যালয় আছু গোটৰ উপদেষ্টা জ্ঞানেন্দ্ৰ কলিতা, দ্বীপজ্যোতি দাস, জিন্টু ঠাকুৰীয়াকে আদি কৰি বিশ্ববিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰী আৰু আছু কৰ্মীসকল উপস্থিত থাকে।