কংগ্ৰেছ বিধায়ক শ্বেৰমানক আলী আহমেদক  গ্ৰেপ্তাৰ

pc- The Economic Times

কংগ্ৰেছ বিধায়ক শ্বেৰমানক আলী আহমেদক  গ্ৰেপ্তাৰ

অনলাইন বাৰ্ত্তাসেৱা- বাঘবৰ সমষ্টিৰ কংগ্ৰেছ বিধায়ক শ্বেৰমানক আলী আহমেদক  ছিপাঝাৰৰ  গৰুখুঁটিৰ উচ্ছেদ অভিযানৰ পাছতে চূড়ান্ত দায়িত্বজ্ঞানহীন আৰু সাম্প্ৰদায়িক মানসিকতাৰে অসম আন্দোলনৰ শ্বহীদ কৰাৰ ক্ষেত্ৰত দয়ানাথ শৰ্মাকে ধৰি অঞ্চলটোৰ ৮গৰাকী শ্বহীদক চোৰ-ডকাইতৰ সৈতে তুলনা কৰি শ্বহীদকেইগৰাকীৰ প্ৰতি চৰম  অপমানজনক মন্তব্য কৰাৰ বাবে দিছপুৰৰ বিধায়ক আৱাসৰ পৰা মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। বৰ্তমান বিধায়ক আহমেদক পাণবজাৰ আৰক্ষী থানাত ৰাখি শীর্ষ আৰক্ষী বিষয়াসকলে সোধা-পোছা অব্যাহত ৰখাৰ লগতে গোচৰ পঞ্জীয়নৰ প্ৰক্ৰিয়া চলাই আছে।  বৰ্তমান বিধায়ক আহমেদক পাণবজাৰ আৰক্ষী থানাত ৰাখি শীর্ষ আৰক্ষী বিষয়াসকলে সোধা-পোছা অব্যাহত ৰখাৰ লগতে গোচৰ পঞ্জীয়নৰ প্ৰক্ৰিয়া চলাই আছে। তেওঁ কৰা এই মন্তব্যই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্রিয়া সৃষ্টি কৰে৷ তেনে মন্তব্যৰ জৰিয়তে বিধায়ক আহমেদে ৰাজ্যখনৰ সাতামপুৰুষীয়া সম্প্ৰীতি বিনষ্ট কৰাৰ অপচেষ্টা কৰাৰ লগতে সাম্প্রদায়িক জৰিয়তে মুখ্য উত্তেজনাৰ সৃষ্টি কৰিব বিচাৰিছে বুলি বিভিন্নজনে তেওঁৰ বিৰুদ্ধে গুৱাহাটীৰ পাণবজাৰ, গীতানগৰ, দিছপুৰ  আৰক্ষী থানাত গোচৰ পৰ্যন্ত ৰুজু কৰে।  জনসাধাৰণকে ধৰি বিভিন্ন দল-সংগঠনৰ ধিক্কাৰ,  প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত সন্ধিয়া সাতমান বজাত বিধায়ক আহমেদক দিছপুৰস্থিত চৰকাৰী বিধায়ক আৱাসৰ পৰা গ্ৰেপ্তাৰ কৰে৷  অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে পাণবজাৰ আৰক্ষী থানাত ৰুজু কৰা গোচৰ নং ৫১০/২০২১ৰ ভিত্তিতেই বিধায়কজনক গ্ৰেপ্তাৰ কৰা হৈছে।