কংগ্ৰেছ দলৰ ১৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

কংগ্ৰেছ দলৰ ১৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  দিনজোৰা কাৰ্য্যসূচীৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে দলৰ মুখ্য কাৰ্যালয়ত দলীয় পতাকা উত্তোলনৰ ১৩৭ তম্ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। দলৰ সভাপতি শ্ৰীভূপেন কুমাৰ বৰাই পতাকা উত্তোলন কৰি আজিৰ পৰিস্থিতিত দলৰ হকে সকলোকে এক উৎসাহীকৃত প্ৰাণ হিচাপে গঢ়ি তুলিবলৈ আহবান জনায়। তাৰ পাছতে নিখিল ভাৰত কংগ্ৰেছ সেৱাদলৰ ৰাষ্ট্ৰীয় সম্পাদক চন্দন বৰুৱাই সকলোকে শপত পাঠ কৰোৱায়। ইয়াৰ পিছতে সেৱাদলৰ দ্বাৰা এক ত্ৰিৰংগা শোভা যাত্ৰা উলিওৱা হয়। ইয়াৰ পিছতে অনুষ্ঠিত সভাত ৭৫ বছৰীয়া স্বাধীনতা দিৱস উদযাপন সমিতিৰ অধ্যক্ষ শ্ৰীশৰৎ বৰকটকীৰ প্ৰস্তাৱমৰ্মে শ্ৰীভূপেন কুমাৰ বৰাই সভাপতিত্ব কৰা সভাত প্ৰাক্তন সাংসদ শ্ৰীদ্বীজেন শৰ্মাই দলৰ প্ৰতিষ্ঠা কালৰ পটভূমি দাঙি ধৰে। ইয়াৰ পিছতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰী অধ্যাপক ড০ আবু নাছাৰ ছাঈদ আহমদে লিখা লিখিত ভাষণ শৈলেন বৰাই পাঠ কৰে। ইয়াৰ পিছতে দলৰ সভাপতি শ্ৰীভূপেন কুমাৰ বৰাই সাম্প্ৰতিক সময়ত দলৰ প্ৰাসঙ্গিকতাৰ সন্দৰ্ভত সকলোকে সক্ৰিয় সহযোগিতা কামনা কৰে। উক্ত সভাত উপস্হিত থাকে ক্ৰমে সভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন সাংসদ বলীন কুলি, বিধায়কত্ৰয় ৰেকিবুদ্দিন আহমেদ, নুৰুল হুদা, নন্দিতা দাস, অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য, বিপুল গগৈ, নৃপেন্দ্ৰ ঠাকুৰীয়া আৰু বহুতো জ্যেষ্ঠ কংগ্ৰেছ নেতাই অংশ গ্ৰহণ কৰে।ইয়াৰ পিছত অনুষ্ঠিত আন এখন সভাত কংগ্ৰেছ সেৱাদলৰ ৯৮ তম্ প্ৰতিষ্ঠা দিৱস পালন কৰা হয় আৰু উক্ত সভাতে অসম প্ৰদেশ কংগ্ৰেছ সেৱাদলৰ নৱনিযুক্ত সভাপতি হিচাপে দীপ বায়নে আনুষ্ঠানিকভাৱে কাৰ্য্যভাৰ গ্ৰহণ কৰে। উক্ত সভা আৰম্ভণিতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি শ্ৰীভূপেন কুমাৰ বৰাদেৱে সেৱাদলৰ প্ৰতিষ্ঠাপক এন.এছ. হাৰ্ডিকাৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ ভাষণত কয় যে সেৱা দলৰ এই শৃংখলিত কাৰ্য্যসূচীক ভূয়সী প্ৰসংশা কৰে আৰু নিশ্চিতভাৱে দল শক্তিশালী হৈ উঠিব বুলি মত পোষণ কৰে। নৱনিযুক্ত সেৱাদলৰ সভাপতি দীপ বায়নে দলৰ সভাপতি শ্ৰীভূপেন কুমাৰ বৰাৰ গতিশীল নেতৃত্ব, ব্যক্তিত্ব আৰু বলিষ্ঠ পদক্ষেপক শলাগ লয় লগতে ভৱিষ্যতে তেওঁ নেতৃত্বত সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱা প্ৰতিশ্ৰুতি দিয়ে। সভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এক তথ্য সমৃদ্ধ আৰু সেৱাদলৰ ভূমিকা আৰু প্ৰাসঙ্গিকতা পাঠ কৰে। উক্ত সভাত বিধায়কত্ৰয় ৰেকিবুদ্দিন আহমেদ, নুৰুল হুদা, নন্দিতা দাস ডাঙৰীয়ানীয়ে অংশ গ্ৰহণ কৰে।