কংগ্ৰেছ এতিয়া প্ৰায় শূন্যৰ দৰে হৈ পৰিছেঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

pc Sentinal Assam

কংগ্ৰেছ এতিয়া প্ৰায় শূন্যৰ দৰে হৈ পৰিছেঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

অনলাইন বাৰ্ত্তাসেৱা- কংগ্ৰেছ ত্যাগী তথা ন-বিজেপি সুশান্ত বৰগোহাঁইক আদৰণি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ এতিয়া প্ৰায় শূন্য হৈ পৰিছে। দলৰ নেতৃত্বই নিশ্চয় এই কথা অনুধাৱন কৰিছে।মুখ্যমন্ত্ৰীগৰাকীয়ে সুশান্ত বৰগোহাঁইৰ দৰে এগৰাকী যুৱ আৰু শক্তিশালী ৰাজনীতিকক পাই বিজেপি গৌৰৱান্বিত বুলি অভিহিত কৰে।লগতে তেওঁৰ যোগদানে উজনি অসমত বিজেপিক অধিক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰে।সুশান্ত বৰগোহাঁই বিজেপি লৈ অহাৰ পাছত এতিয়া কংগ্ৰেছ দলত উজনিৰ পৰা মাত্ৰ এগৰাকী প্ৰতিনিধি বাকী থাকিল বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়।এটা দল শূন্য হৈ নপৰে যদিও কংগ্ৰেছ এতিয়া প্ৰায় শূন্যৰ দৰে হৈ পৰিছে।

(R.T)