ওমানত টি-২০ ক্রিকেট বিশ্বকাপৰ বাবে প্ৰস্তুতি

pc India TV

অনলাইন বাৰ্ত্তাসেৱা – ওমানত অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে টি-২০ ক্রিকেট বিশ্বকাপ। ৱেবছাইটত এক সাক্ষাৎকাৰত ওমান ক্ৰিকেটৰ সচিব মধু জেছৰাণিয়ে সদৰী কৰা মতে সকলো দিশৰ পৰাই ‘সাফল্যমণ্ডিত কৰি তুলিবলৈ তেওঁলোকে প্রতিযোগিতাখনৰ আয়োজন কৰিছে। ওমানৰ ক্ৰিকেট পিটচ হ’ব ধীৰ গতি। অর্থাৎ ইয়ে স্পীনাৰসকলৰ সহায়ক হ’ব। তথাপি দেশখনৰ ক্ৰিকেটৰ আন্তঃগাঁথনি আন্তর্জাতিক ক্ৰিকেটৰ বাবে যথেষ্ট শক্তিশালী নহয়। জেছৰাণিয়ে কয় আমাৰ কোনো ষ্টেডিয়াম নাই, আছে দুখন খেলপথাৰ ৷ ফ্লাড লাইটৰ ব্যৱস্থাও আশানুৰূপ উন্নত নহয়। তথাপি অত্যাধুনিক কৰি তুলিবলৈ প্ৰস্তুতি চলোৱা হৈছে। ওমানত সম্প্রতি কোভিড আক্ৰান্তৰ সংখ্যা যথেষ্ট নিম্নগামী। খেলসমূহত ৩-৪ হেজাৰ দৰ্শকক প্ৰৱেশৰ অনুমতি দিয়াৰ কথা বিবেচনা কৰা হৈছে। অহা দুই এদিনৰ ভিতৰতে ‘আই.চি.চি.’ আৰু ‘বি.চি.চি.আয়.’ৰ কার্যকর্তাসকল আহি আন্তঃগাঁথনিৰ পৰীক্ষা কৰা হ’ব।