ওদালগুৰি জিলাৰ বড়িগাঁ‌ৱত পাঁ‌চ বিঘাতকৈ অধিক অমিতা খেতি পঠাৰতে নস্ত হ’ব ধৰিছে

ওদালগুৰি জিলাৰ বড়িগাঁ‌ৱত পাঁ‌চ বিঘাতকৈ অধিক অমিতা খেতি পঠাৰতে নস্ত হ’ব ধৰিছে

অনলাইন বাৰ্তাসেৱা –  বিটিআৰ ওদালগুৰি জিলাৰ খৌৰাং বড়ি গাঁ‌ৱৰ এগৰাকী উদ্যোমী খেতিয়ক নাম দেৱ প্ৰসাদ ৰাভা। প্ৰায় ৫ বিঘাঁ‌তকৈ অধিক অমিতা খেতি কৰি বৃহৎ লোকচানৰ সন্মোখিন হ’ব লগিয়া হৈছে।কিয়নো কৰো’না মহামাৰীয়ে কৰা সন্ত্ৰাসৰ ফলত বৰ্তমানেও অব্যাহত আছে লক’ডাউন পক্ৰিয়া যাৰ বাবে উৎপাদন হোৱা গছৰ ফল গছতে সৰি যোৱাৰ কথা জানিবলৈ দিয়ে খেতিয়কজনে।””কিন্তু অতি দুখৰ বিষয় হস্তীৰ দৰে এটা বিভাগ, কৃষি বিভাগ থকাৰ তৎস্বত্তেও আজিলৈ কোনো এজন বিভাগীয় বিষয়াই খেতিয়ক গৰাকীৰ সমস্যা বাৰম্বাৰ অৱগত কৰোৱাৰ পাছতো আজিলৈ খেতি দৰা পৰ্যবেক্ষণ কৰিবলৈ নযোৱাত খেতিয়ক গৰাকীয়ে দুখ প্ৰকাশ কৰে। “””তেওঁ কয় যে কৰো’না কালছোৱাত দেশত পেট্ৰ’ল ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আকাশ লংঘিব ধৰিছে কিন্তু খেতিয়ক সকলৰ কস্তৰে উৎপাদন কৰা অমিতাৰ দৰে ফলবোৰৰ দাম প্ৰয়োজনতকৈ নগণ্য বুলি কোৱাৰ লগতে যদি খেতিয়ক সকলে মহামাৰী কৰো’না ফলত প্ৰতিবছৰে এনেদৰে বৃহৎ লোকচানৰ সন্মোখিন হ’ব লগিয়া হয় তেনেহ’লে কৃষক সকল খেতিকৰা বন্ধ কৰাতো নিশ্বিত হৈ পৰিব।আৰু এনেদৰে কৃষি প্ৰদান দেশখনত আৰু অধিক নিবনুৱা সমস্যাৰ সন্মোখিন হোৱাৰ সঙ্কা প্ৰকাশ কৰে খেতিয়ক জনে।সেয়েহে খেতিয়ক জনে কয় যে আজি কৰো’না মহামাৰীৰ ফলত খেতিয়ক সকলে উৎপাদন কৰা কেঁ‌চা সামগ্ৰী বজাৰত মুকলি ভাৱে বিক্ৰী কৰিব পৰা নাই যদিও ওদালগুৰি জিলাত যদি খেতিয়ক সকলে উৎপাদন কৰা কেঁ‌চা সামগ্ৰী জমা ৰাখিব পৰাকৈ (cool storest) থাকিল হৈ আজি আমাৰ দৰে খেতিয়ক সকলে লোকচানৰ সন্মোখিন হ’ব লগিয়া ন’হল হেতেন।সেইকাৰণে চৰকাৰলৈ কৃষক সকলক অধিক গুৰুত্ব দিবলৈ আহ্বান জনায় খেতিয়ক দেৱ প্ৰসাদ ৰাভাই।

ওদালগুৰিৰ পৰা অমৰজিৎ ৰাভাৰ প্ৰতিবেদন।