ওদালগুৰি জিলাৰ খৈৰাবাৰীত নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা ড° বি আর আম্বেদকাৰ ভৱনৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে

pc Facebook

ওদালগুৰি জিলাৰ খৈৰাবাৰীত নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা ড° বি আর আম্বেদকাৰ ভৱনৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে

ৰঙিলী বাৰ্ত্তাসেৱা- শিক্ষা তথা ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ওদালগুৰি জিলাৰ খৈৰাবাৰীত নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা আঢ়ৈ কোটি টকা ব্যয়সাপেক্ষ ড° বি আর আম্বেদকাৰ ভৱনটোৰ এক মাংগলিক পৰিৱেশত আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে।আধাৰশিলা স্থাপন অনুষ্ঠানত স্থানীয় বিধায়ক দুর্গা দাসবড়ো, প্রাক্তন বিধায়ক মহেশ্বৰ বড়ো, বিটিচিৰ প্ৰাক্তন কার্যবাহী সদস্য লৌমশ্রাও দৈমাৰী, জগদীশ সৰকাৰ, বিটিচিৰ পৰিষদীয় সদস্য ভবেন্দ্র চন্দ্র বড়ো, মহকুমাধিপতি (ভেৰগাঁও) দীপক ভূঞা, অনুসূচিত জাতি উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত দাসকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি আৰু স্থানীয় নাগৰিক উপস্থিত থাকে। ইয়াৰ পূৰ্বে কলাইগাঁৱত ৩ কোটি টকা ব্যয়সাপেক্ষ এটা অডিটৰিয়াম আৰু ৫০ লাখ টকা ব্যয়সাপেক্ষ বজাৰ গৃহ নির্মাণকাৰ্যৰ শুভাৰম্ভ কৰে মন্ত্ৰী পেণ্ডই।