ওড়িশ্যাৰ উপকূলৱৰ্তী অঞ্চলত ’অগ্নি-পি’ৰ সফল পৰীক্ষণ

pc-Nyoooz

অনলাইন বাৰ্ত্তাসেৱা-  ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ ডি আৰ ডি অ’ই সফলভাৱে পৰীক্ষণ সম্পন্ন কৰিলে অগ্নি ছিৰিজৰ এক নতুন ক্ষেপনাস্ত্ৰ। যাৰ জৰিয়তে ভাৰত প্ৰতিৰক্ষা প্ৰযুক্তিৰ দিশত আৰু এখোজ আগুৱাই গ’ল ভাৰত। এই নতুন ক্ষেপনাস্ত্ৰৰ নাম দিয়া হৈছে ’অগ্নি-পি’। এই ক্ষেপনাস্ত্ৰই ১ হাজাৰৰ পৰা ২ হাজাৰ ব্যাসাৰ্ধৰ ভিতৰৰ লক্ষ্যত শত্ৰু পক্ষক আঘাত হানিব পাৰিব।ওড়িশ্যাৰ উপকূলৱৰ্তী অঞ্চলত ’অগ্নি-পি’ৰ সফল পৰীক্ষণ সমাপন কৰা হয়। আজি পুৱা ১০.৫৫ বজাত ডঃ এ পি জে আব্দুল কালাম দ্বীপৰ পৰা এই বেলিষ্টিক ক্ষেপনাস্ত্ৰৰ পৰীক্ষা সম্পন্ন কৰা হৈছে।