এয়া সাহসী সিদ্ধান্তঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Pc Hindustan Times

এয়া সাহসী সিদ্ধান্তঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা- PFIৰ বিৰুদ্ধে ভাৰত চৰকাৰে লোৱা সিদ্ধান্তৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এনে সিদ্ধান্তক অভিনন্দন জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয়, ‘‘এই সিদ্ধান্ত এক সাহসী সিদ্ধান্ত। অসম চৰকাৰে ল’বলগা ফলোআপ অধিসূচনা ইতিমধ্যে জাৰি কৰিছে। জিলাসমূহে অধিসূচনা জাৰি কৰিব। ৰাজ্যৰ PFI আৰু CFIৰ কাৰ্যালয়সমূহ ছীল কৰা কাম আৰম্ভ হৈছে। একেদৰে নিষিদ্ধঘোষিত সংগঠনটোৰ সক্ৰিয় সকলো সদস্যক গ্ৰেপ্তাৰ কৰা হ’ব। ‘কা’ আন্দোলন আৰু গৰুখুটি কাণ্ডত PFI আৰু CFIৰ কলংকিত অধ্যায় দেখিবলৈ পোৱা গৈছিল।’’