এহাল দম্পতীয়ে বহিঃৰাজ্যত চলাইছিল নাৰীদেহৰ ৰমৰমীয়া ব্যৱসায়

এহাল দম্পতীয়ে বহিঃৰাজ্যত চলাইছিল নাৰীদেহৰ ৰমৰমীয়া ব্যৱসায়

আদিলুৰ ৰহমান,টুকটুকী ,ৰঙিলী বাৰ্ত্তাসেৱা- নাৰী তুমি অনন্যা, তুমিয়ে সৃষ্টিৰ মূল।কিন্তু একাংশ দুষ্টচক্ৰই ,নাৰীক লৈ আৰম্ভ কৰিছে ব্যৱসায়।ৰাজ্যত এতিয়া সঘনাই সংঘটিত হব ধৰিছে নাৰীদেহ ব্যৱসায়ৰ ঘটনা।যোৱা নিশা বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুমুদ গগৈৰ নেতৃত্বত বটদ্ৰৱা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বটদ্ৰৱাৰ বৰভেটী গাৱঁৰ মফিজ উদ্দিনৰ গৃহৰ পৰা আটক কৰিবলৈ সক্ষম হয় এই চক্ৰটোক।জানিব পৰা মতে,জুৰীয়া কান্ধুলিমাৰিৰ ৰিজাউল হুছেইন আৰু তেওঁৰ দ্বিতীয় পত্নী ৰেণুমা খাতুন নামৰ এই দম্পতীহালে বহুদিনৰ পৰাই দৰিদ্ৰ পৰিয়ালৰ নাবালিকা কিশোৰী সকলক লক্ষ্য কৰি লয় আৰুবিভিন্ন প্ৰলোভন দি বহিঃৰাজ্যলৈ লৈ গৈ চলাই আছে দেহ ব্যৱসায়।উল্লেখ্য যে,ৰিজাউল হুছেইনৰ প্ৰথম পত্নীৰ লগতে আছে দুই সন্তান কিন্তু লম্পটটোৱে নলয় কোনো খবৰ , বহু দিনৰ পৰাইএই দম্পতীহাল নাৰী দেহ ব্যৱসায়ৰ লগত জৰিয়ত থকা বুলি প্ৰথম পত্নীয়েও কৰিছে অভিযোগ।বটদ্ৰৱা আৰক্ষীয়ে এই কাৰ্য্যৰ লগত আৰু কোনো ৰৌ-ভৰালী জড়িত আছে নেকি তাৰ বাবে মাৰথন জেৰা অব্যাহত ৰাখিছে।