‘এলেক্সেই মিৰান্সক’ৰ গ’লৰ সহায়ত ৰুছিয়াৰ জয়লাভ

pc Republic World

‘ক্ৰেষ্টভস্কাই’ ষ্টেডিয়ামত অনুস্থিত গ্ৰুপ-B ৰ অন্তৰ্গত ফিন্লেণ্ড আৰু ৰাছিয়াৰ মাজত হোৱা খেলখনত ১-০ ৰ ব্যৱধানত ৰাছিয়াই জয়লাভ কৰে। খেলখনৰ প্ৰথমাৰ্ধৰ তিনি মিনিটতে ফিন্লেণ্ডৰ খেলুৱৈ ‘প’জানপালো’ৱে হেডাৰ দি গ’ল পষ্টত বল সোমোৱাইছিল যদিও ইয়াক অফ্ছাইড বুলি বিবেচনা কৰা হৈছিল। কিন্তু ইয়াৰ পিছতে প্ৰথমাৰ্ধৰ অতিৰিক্ত সময়ত ‘এলেক্সেই মিৰান্সক’ৰ কাৰ্লিং শ্বটটোৱে ৰাছিয়াক অগ্ৰগতি প্ৰদান কৰিছিল আৰু ইয়েই ৰাছিয়ৰ জয়লাভত সহায় কৰে।