এয়া শৰ্মা নহয়, বৰং তেওঁৰ হিন্দুত্ববাদী মনোভাবঃ ওৱেছি

pc ABP News

অনলাইন বাৰ্ত্তাসেৱা – অসমৰ সংখ্যালঘুসকলক ৰাজ্যত হোৱা জনসংখ্যাৰ বিস্ফোৰণ ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰা আহ্বানৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীক উভতি ধৰে এ আই এম আই এমৰ মুৰব্বী তথা হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেছিয়ে। ওৱেছিৰ সুৰতে সুৰ মিলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেওঁৰ বক্তব্যৰ বাবে প্রত্যাহ্বান জনাইছে অসম প্রদেশ কংগ্ৰেছ আৰু বদৰউদ্দিন আজমলৰ এ আই ইউ ডি এফ দলেও। উল্লেখ্য যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি অসমত জনসংখ্যা বিস্ফোৰণৰ প্ৰসংগ উনুকিয়াই এই বুলি মন্তব্য কৰিছিল যে জনসংখ্যা বিস্ফোৰণ অব্যাহত থাকিলে মানুহৰ বসবাসৰ মাটিৰ অভাৱ ঘটিব । আৰু তেনেস্থলত সংখ্যালঘু মুছলমানসকলে এসময়ত কামাখ্যাৰ মাটিও দখল কৰিবলৈ আহিব যদিও লগে লগে সংঘাত আৰম্ভ হ’ব বুলি তেওঁ সকীয়াই দিছিল। এই প্ৰসংগতে মুখ্যমন্ত্ৰীয়ে এ আই ইউ ডি এফ আৰু আমছুৰ দৰে দল-সংগঠনসমূহক সংখ্যালঘু মুছলমানসকলৰ মাজত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে সজাগতা চলাবলৈ আহ্বান জনাইছিল। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু মুছলমানসকলক জনসংখ্যা বিস্ফোৰণ ৰোধ কৰিবলৈ ৰাজহুৱা আহ্বান জনোৱাৰ লগে লগে হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন  ওৱেছিয়ে মুখ্যমন্ত্ৰী ড° শৰ্মাক প্ৰত্যুত্তৰ দি কয় যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জনসংখ্যা নিয়ন্ত্ৰণৰ বিষয়টোক লৈ পুনৰ বিতৰ্কৰ সূচনা ঘটালে। ওৱেছিৰ মতে এয়া শৰ্মা নহয়, বৰং তেওঁৰ হিন্দুত্ববাদী মনোভাবেহে দুখীয়া আৰু সংখ্যালঘুসকলক সকলোৰে বাবে দোষী সজাই মন্তব্য কৰিছে। তেওঁ এই কথাও কয় যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যি সময়ত জনসংখ্যা নিয়ন্ত্ৰণৰ কথা কৈছে সেই সময়তো অসমৰ বাস্তৱ পৰিস্থিতিয়ে প্ৰদৰ্শন কৰিছে অন্য এক প্রতিচ্ছবিহে। কিয়নো অসমৰ ই এফ আৰ অৰ্থাৎ সৰ্বমুঠ জনন ক্ষমতাৰ হাৰ ২.১ শতাংশলৈ অৱনমিত হৈছে। অথচ আজিৰ দিনত মুঠ জনন ক্ষমতাৰ হাৰৰ সমগ্ৰ দেশৰ গড় হাৰ হ’ল ২.২ শতাংশ। ইয়াৰ অৰ্থ অসমত কোনো জনসংখ্যা বিস্ফোৰণ হোৱা নাই। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক পোনপটীয়া প্ৰত্যাহ্বান জনাই আছাদুদ্দিন ওৱেছিয়ে কয় যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে এতিয়া অসমত অব্যাহত থকা গৰ্ভত ল’ৰা-ছোৱালী চিনাক্তকৰণ কৰি গৰ্ভপাত কৰোৱাৰ ধাৰাবাহিকতাৰ ফলত লিংগৰ অনুপাতৰ হ্ৰাস-বৃদ্ধিক লৈ শংকিত হৈ পৰিছে। ওৱেছিয়ে আগজাননী দিয়ে যে ২০৩৬ চনত অসমত লিংগ অনুপাতৰ অৱনতি ঘটিব আৰু মহিলাৰ তুলনাত পুৰুষৰ সংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পাব ৷ গতিকে অসমত এণ্টিজেণ্ডাৰ কালচাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰহে প্ৰয়োজন আছে বুলিও ওৱেছিয়ে মন্তব্য কৰে।