এমোৰ ফেলকনৰ ওমৰাংছু ভ্ৰমণ- স্বাগতা বৰুৱা গোস্বামী

Pc Northeast Now

এমোৰ ফেলকনৰ ওমৰাংছু ভ্ৰমণ

অসমৰ পৰা যোৱাৰ পিছৰে পৰা এমোৰৰ(Amur)যেন মনটো একেবাৰে বেয়া।মাকে মন বেয়া কৰাৰ কথা সুধিছে যদিও এমোৰে দেখোন একোকে ক’ব নিবিচাৰে।এমোৰৰ মাকে এমোৰৰ মন বেয়া কৰাৰ কথা এমোৰৰ দেউতাকক ক’লে।দেউতাকে বোলে হয়নেকি কালিলৈ এই বিষয়ে তাইৰ লগত কথা পাতিব লাগিব।পিছদিনা পুৱা এমোৰক দেউতাকে মৰমেৰে কাষতে বহুৱাই সুধিলে, এমোৰ আমি ইমান ধুনীয়াকৈ অসমৰ ওমৰাংছু খন চাই আহিলো এতিয়া আকৌ কিয় মন বেয়া কৰি আছা?দেউতা আমি ওমৰাংছুলৈ গ’লো,তাৰ মানুহে আমাক ইমান মৰম দিলে,আমাক চাবলৈকে দূৰ দূৰৰ পৰা মানুহ আহিলে,জুবিন নৌতিয়ালৰ দৰে বলিউদৰ জনপ্ৰিয় গায়কৰ গান শুনালে দুদিন ধৰি আমাৰ ফেলকন ফেছটিভেল উদযাপন কৰিলে।কিন্তু আমি যে আমাৰ পৰিচয় টোও ভালকৈ নিদিলো।তাতেই চিনাকি হোৱা মোৰ বান্ধৱী জনীয়ে আজি আমাৰ বিষয়ে বোলে নেটতও বিছাৰিছিল,কিন্তু ইমান ভালকৈ একো তথ্য নোপোৱাত মোলৈ ফ’ন কৰোতে মই লাজ পালো জানা দেউতা।আমাক সকলোৱে ইমান মৰম দিলে,কিন্তু তাৰ প্ৰতিদান তেনেকৈ দিব নোৱাৰিলো।কথাটো ঠিকেই কৈছা।তুমিতো সৰু,কিন্তু আমি ডাঙৰ বোৰেতো সেইটো ভাবিব লাগিছিল।এতিয়া এটা কাম কৰো ৰ’বা।তুমি গোটেই কথা খিনি লিখা মই ওমৰাংছুত এজন সাংবাদিকক লগ পাইছিলো।অসমত হেনো এখন ই-পেপাৰ আছে নাম ৰঙিলী বাৰ্ত্তা..তাতে তুমি লিখা কথাখিনি ই-মেইল আই.ডি টোত মেইল কৰি পঠাই দিম।তেতিয়া অসমৰ লগতে অসমৰ বাহিৰৰ মানুহেও আমাৰ কথা জানিব পাৰিব।হয় নেকি তেনেহ’লেতো ভালেই হ’ব দেউতা মই লিখি আনোগৈ বুলি এমোৰ ভিতৰলৈ গ’ল।অলপ সময়ৰ পাছত এমোৰ আহি দেউতাকৰ ওচৰলৈ পালেহি।দেউতাকে বোলে তুমি কি লিখিলা গাই যোৱা,মই শুনি যাম। মোৰ মৰমৰ বন্ধুসকল।মোৰ ভলেই,আশাকৰো তোমালোকৰো ভালেই।তোমালোকক লগ পাই ভাল লাগিল কিন্তু ব্যস্ততাৰ বাবে মই আমাৰ বিষয়ে তোমালোকক তেনেকৈ ক’বলৈ সুবিধায়েই নাপালোঁ।অজি কওঁ শুনা।মোৰ নাম এমোৰ ফেলকন।আমাৰ প্ৰজাতি ৪০টা।আমাৰ জীৱনকাল ছয় বছৰ দুমাহ।আমাৰ দেহৰ আকাৰ২০পৰা৩১ ছেঃমি।ওজন ১৬০-২০০ গ্ৰাম আৰু আমি পৰিভ্ৰমণ কৰো ২২০০০ কিঃমিঃ।আমাক সাধাৰণতে দক্ষিণ-পূব ছাইবেৰিয়া আৰু চীনৰ উত্তৰ অঞ্চলত পোৱা যায়।আমি যাত্ৰা কৰো শীতকালত আৰবিয়ান সাগৰৰ উপৰেদি আহি ভাৰতৰ অসমৰ ওমৰাংছুতে অলপ জিৰণি লওঁ।পুনৰ শেষ গন্তব্য স্থান দক্ষিণ আফ্ৰিকা লৈ যাত্ৰা কৰো।২০১৮ চনত আমি ওমৰাংছুত সৰ্বাধিক ৩১ দিন আৰু ২০১৯ত ১৮ দিন আছিলোঁ।এইখিনিয়ে আমাৰ কথা।আমি যিমানেই বিদেশত নাথাকো কিন্তু ওমৰাংছু খনৰ প্ৰাকৃতিক সৌন্দৰ্যয়ে মোক বাৰুকৈয়ে আপ্লুত কৰে।আমাক সংৰক্ষণ কৰিবলৈ গ্ৰীণ অস্কাৰ বটাঁ বিজয়ী ৱাই নুকলো ফম নামৰ নাগালেণ্ডৰ ব্যক্তিজনে যথেষ্ট কষ্ট কৰিছে।আজি আৰু নিলিখো।শেষত বহুত মৰম দিলো।পুনৰ অহা বছৰলৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহো।হ’বনে দেউতা।হ’ব আকৌ।এতিয়া এইখিনি দিয়া মই rongilibarta medhi@gmail.comtত পঠিয়াই দিওঁ।

স্বাগতা বৰুৱা গোস্বামী