এপিডিচিএলৰ খালী হৈ থকা পদত শীঘ্ৰেই নিযুক্তিঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

pc- twitter

এপিডিচিএলৰ খালী হৈ থকা পদত শীঘ্ৰেই নিযুক্তিঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

অনলাইন বাৰ্ত্তাসেৱা-মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এ পি ডি চি এলত খালী হোৱা পদ পূৰণৰ বাবে পূৰ্বে হৈ যোৱা পৰীক্ষাৰ ফলাফল সমূহ শীঘ্ৰে ঘোষণা কৰিব বুলি সদৰী কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে অসম চৰকাৰে চলিত বৰ্যত যি এক লাখ চৰকাৰী চাকৰিত নিযক্তি দিয়াৰ সিদ্ধান্ত ঘোযণা কৰিছে এই এক লাখ চাকৰিৰ অধীনত এ পি ডি চি এলৰ ১৬০০টা চাকৰিও থাকিব।এ পি ডি চি এলত এই পদত নিযুক্তিৰ বাবে নতুনকৈ পৰীক্ষা অনুষ্ঠিত নহয়, পূৰ্বৰ চৰকাৰৰ কাৰ্যকালতে অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ ভিত্তিত নিযুক্তিসমূহ দিয়া হʼব।উল্লেখ্য যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শক্তি মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত গুৱাহাটীৰ বিজুলি ভৱনত আয়োজিত এ পি ডি চি এল, এ পি জি চি এল আৰু এ ই জি চি এলৰ বিভিন্ন কাম-কাজৰ পৰ্যালোচনা কৰে।

(R.T)